চাঞ্চল্যকৰ! পুনৰ আৰক্ষীৰ চকুত ধূলি দি পলায়ন ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত দাগী অপৰাধীৰ…

নিউজ ডেস্কঃ আৰক্ষীৰ চকুত ধূলি দি পুনৰ পলায়ন দাগী অপৰাধীৰ। এইবাৰ বিশ্বনাথৰ কাৰাগাৰৰ পৰা তেজপুৰ আদালতলৈ নিয়াৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’ল ভাস্কৰজ্যোতি নাথ নামৰ অপৰাধীটো।

জানিব পৰা মতে, হত্যা, অপহৰণ, বলাৎকাৰ আৰু ডকাইতি গোচৰত অভিযুক্ত তেজপুৰৰ বেচেৰিয়াৰ নিৱাসী ভাস্কৰজ্যোতি নাথক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছিল আদালতে।

photo1663064682 1
চাঞ্চল্যকৰ! পুনৰ আৰক্ষীৰ চকুত ধূলি দি পলায়ন ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত দাগী অপৰাধীৰ… 2

আদালতৰ ভিতৰত আন কয়দীৰ সৈতে মাৰপিট কৰাৰ লগতে ড্ৰাগছ আৰু গাঞ্জাৰ ব্যৱসায় চলাই থকাৰো অভিযোগ উঠিল অপৰাধী ভাস্কৰজ্যোতিৰ বিৰুদ্ধে।

যোৱা ২৭ জুনত তেজপুৰ কাৰাগাৰৰ পৰা বিশ্বনাথ কাৰাগাৰলৈ অপৰাধীটোক স্থানান্তৰ কৰা হৈছিল। ইফালে আজি অপৰাধীটোক বিশ্বনাথ কাৰাগাৰৰ পৰা তেজপুৰ আদালতলৈ নি থকা সময়তে দুই আৰক্ষীৰ চকুত ধূলি দি তেজপুৰ ৰাবাৰ বাগানৰ সমীপত পলায়ন কৰিবলৈ সক্ষম হয় ভাস্কৰজ্যোতি নাথে।

কয়দীটোৰ পলায়ন সন্দৰ্ভত বিশ্বনাথ কাৰাগাৰ কৰ্তৃপক্ষই তেজপুৰ মহাভৈৰৱ আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত তেজপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।