ভয়ংকৰ! চিচি টিভিত বন্দী দুৰ্ঘটনাৰ লোমহৰ্ষক দৃশ্য, সন্তানসহ মৃত্যু এহাল দম্পতীৰ

নিউজ ডেস্কঃ এক লোমহৰ্ষক দুৰ্ঘটনাৰ দৃশ্য বন্দী হ’ল চিচি টিভিৰ কেমেৰাত। সোমবাৰে পঞ্জাৱৰ বেৰমাৰ ফাগৱাৰা-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথত এখন মালবাহী ট্ৰেইলাৰ বাগৰি পৰাত মৃত্যু ঘটে একেটা পৰিয়ালৰ তিনিজনকৈ সদস্যৰ। দুৰ্ঘটনাত আন তিনিজন লোকো আহত হয়।

চিচিটিভিত বন্দী দৃশ্যত দেখিবলৈ পোৱা মতে, এখন ১৮ চকীয়া ট্ৰেইলাৰে গতি কম নকৰাকৈয়ে টাৰ্ণিং ল’বলৈ চেষ্টা কৰাত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেইলাৰ খন দুখন চাৰিচকীয়া বাহনৰ ওপৰত বাগৰি পৰে।

এই দুৰ্ঘটনাত এখন বাহনত যাত্ৰা কৰি থকা এহাল দম্পতীৰ লগতে তেওঁৰ সন্তানটোৰ ঘটনাস্থলীতে মৃত্যু ঘটে। আনহাতে আনখন বাহনত থকা ৩ জন যাত্ৰী সামান্য পৰিমাণে আহত হয় দুৰ্ঘটনাত।

আৰক্ষীয়ে ইতিমধ্যে ট্ৰেইলাৰখনৰ চালক মেজৰ সিঙৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি আটক কৰিছে। দুৰ্ঘটনাৰ এই লোমহৰ্ষক দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মধ্যমত।