পথ দুৰ্ঘটনাত হেৰুৱাইছিল ভাতৃক! তাৰ পিছতে এই চমৎকাৰী উদ্ভাৱনেৰে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ চেষ্টা সুনীলৰ…

নিউজ ডেস্কঃ কথাতেই আছে- অভাৱেই আৱিস্কাৰৰ মূল। এটা ভয়ংকৰ পথ দুৰ্ঘটনাত কিছুদিন পূৰ্বে ভাতৃক হেৰুৱাইছে সুনীল আহৰৱাৰ নামৰ ১৯ বৰ্ষীয় যুৱকজনে। বাইক চলোৱাৰ সময়ত হেলমেট নিপিন্ধাৰ বাবেই মূৰত আঘাত পাই মৃত্যু ঘটিছিল সুনীলৰ জ্যেষ্ঠ ভাতৃৰ।

এনেদৰে ভাতৃক অকালতে হেৰুৱাই শোকস্তব্ধ হৈ পৰা সুনীলে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে এক উদ্ভাৱনৰ কথা চিন্তা কৰে। আইটিআইৰ পৰা ইলেক্ট্ৰনিকছৰ ডিপ্ল’মা গ্ৰহণ কৰা সুনীলে নিজৰ একাণপতীয়া প্ৰচেষ্টাৰে উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে দুৰ্ঘটনা প্ৰতিৰোধত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পৰা এটা চমৎকাৰী ডিভাইচ।

image 82
পথ দুৰ্ঘটনাত হেৰুৱাইছিল ভাতৃক! তাৰ পিছতে এই চমৎকাৰী উদ্ভাৱনেৰে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ চেষ্টা সুনীলৰ… 3

মধ্যপ্ৰদেশৰ ছাতৰপুৰ জিলাৰ খাজুৰাহোতৰ নিৱাসী সুনীল আহৰৱাৰে বাইকৰ ইঞ্জিন আৰু হেলমেটত দুটা চেন্সৰ স্থাপন কৰি তাক সংলগ্ন কৰিছে। যাৰ ফলত বাইকখন চলোৱাৰ সময়ত হেলমেট পৰিধান কৰাটো বাধ্যতামূলক হ’ব।

সুনীলে জানিবলৈ দিয়া মতে, হেলমেট নিপিন্ধাকৈ বাইকখন যিমানেই ষ্টাৰ্ট কৰিবলৈ চেষ্টা নকৰিলেও সেয়া সম্ভৱ নহ’ব। চেন্সৰ লগোৱা হেলমেট পিন্ধি বাইকৰ চিটত বহিলেহে বাইকখন ষ্টাৰ্ট কৰিব পৰা যায়। আনহাতে মূৰৰ পৰা হেলমেটটো খুলিলেই স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰিব বাইকৰ ইঞ্জিন।

image 83
পথ দুৰ্ঘটনাত হেৰুৱাইছিল ভাতৃক! তাৰ পিছতে এই চমৎকাৰী উদ্ভাৱনেৰে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ চেষ্টা সুনীলৰ… 4

যুৱকজনৰ এই চমৎকাৰী উদ্ভাৱন পৰৱৰ্তী সময়ত পথ দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ হব বুলি বিবেচনা কৰিছে অনেকে। মাত্ৰ দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা সুনীলে ভাতৃৰ মৃত্যুৰ পিছত মাত্ৰ এহাজাৰ টকা খৰছ কৰি এনেদৰে দুৰ্ঘটনাৰ প্ৰতিৰোধৰ কৌশল উদ্ভাৱন কৰি উলিয়াইছে।

সুনীলৰ মতে, বাইকখনৰ ইঞ্জিনত থকা এই চেন্সৰ ডিভাইচটো ইঞ্জিনৰ ভিতৰত স্থাপন কৰা হৈছে। ইয়াৰ আন এটা সুবিধা হ’ব যে বাইকখনে চুৰিৰ পৰা হাত সাৰিবলৈ সক্ষম হ’ব।