নিউজ ডেস্ক। পুনৰ ঘােচ লৈ ভিজিলেন্সৰ জালত পৰিল আৰক্ষী।
এইবাৰ অভিযান চলিল ওদালগুৰি জিলাৰ দৰঙা মেলা আৰক্ষীৰ চকীত।
দৰঙা মেলা আৰক্ষী চকীত কৰ্মৰত সহকাৰী উপ-পৰিদৰ্শক গোপাল দলেক এজন ভুক্তিভােগীৰ পৰা উৎকােচ লৈ থকা অৱস্থাত হাতে-লােটে ধৰা পেলাই দুৰ্নীতি নিবাৰকৰ অভিযানকাৰী দলে।

জানিব পৰা মতে, আৰক্ষী চকীখনৰ অন্তৰ্গত এলেকাত মালবাহী বাহনৰ চলাচলৰ সুবিধাৰ বিনিময়ত বাহনৰ গৰাকীৰ পৰা উৎকােচ দাবী কৰিছিল এএছআই গােপাল দলেই।

এই সন্দৰ্ভত অভিযােগ লাভ কৰাৰ পিছতে শনিবাৰে এই ঘােচখােৰ বিষয়াগৰাকীক জালত পেলায় ভিজিলেন্সৰ অভিযানকাৰী দলে।
সম্প্ৰতি আৰক্ষী চকীখনতে এএছআই গােপাল দলেক জেৰা চলাইছে ভিজিলেন্সৰ অভিযানকাৰী দলে।
ASI Gopal Doley of Darranga Outpost District Tamulpur has been trapped and arrested red handed today by team of @DIR_VAC_ASSAM while accepting demanded money for facilitating movement of complainants vehicles. @assampolice @CMOfficeAssam pic.twitter.com/TqDPaMLIbe
— GP Singh (@gpsinghips) September 10, 2022
এই অভিযানৰ কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে অসম আৰক্ষীৰ বিশেষ ডিজিপি জি পি সিঙে।









