দীৰ্ঘসময় জেৰাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস…

অৱশেষত গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস।

২৬ হাজাৰ নিযুক্তিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে।

দীৰ্ঘসময় জেৰাৰ অন্তত গ্ৰেপ্তাৰ ভিক্টৰ দাসক।

তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধন লেনদেন হোৱাৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে ভিক্টৰক।

উৰাবাতৰি বিয়পোৱা আৰু চৰকাৰী পদৰ বাছনিক লৈ সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত বিভেদ সৃষ্টি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগত অৱশেষত গ্ৰেপ্তাৰ কৰা হয় ভিক্টৰক।

শুকুৰবাৰে আগবেলা পাণবজাৰ থানালৈ তলব কৰিছিল ভিক্টৰক।

গোপন স্থানত ভিক্টৰ দাসক আৰক্ষীৰ উচ্চ পদস্ত বিষয়াই চলাইছিল জেৰা।

নিযুক্তিত ধন লেনদেনৰ অভিযোগ আনিছিল ভিক্টৰ দাসে।

উল্লেখ্য যে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ তুলিছিল দাসে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক উদ্দেশ্যি কৰিছিল টুইট।

৩ ৰ পৰা ৮ লাখ টকা চাকৰিৰ নামত সংগ্ৰহ কৰাৰ কথা উল্লেখ কৰিছিল টুইটত।

কেইবাজনো প্ৰাক্তন বিধায়ক এই কেলংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে।