পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি! নিজ গৃহতে স্বামীয়ে হত্যা কৰিলে পত্নীক…

এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

নিজ গৃহতে স্বামীয়ে হত্যা কৰিলে পত্নীক।

বৃহস্পতিবাৰে নিশা বোকাখাতৰ কুৰুৱাবাহীত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড।

অভিযোগ অনুসৰি স্বামী মানস গাংগুলীয়ে হত্যা কৰিলে পত্নী পাপৰি শইকীয়া গাংগুলীক।

নিজ গৃহতে নিশা এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়।

পাৰিবাৰিক সংঘাতৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ স্থানীয়লোকৰ।

উলংগ অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

ইপিনে হত্যাকাৰী স্বামী বৰ্তমান পলাতক অৱস্থাত আছে।