২৬ হাজাৰ নিযুক্তিত কেণা! আৰম্ভ হৈছে টকাৰ খেল, ৩ৰ পৰা ৮ লাখ টকা দাম…

ৰাজ্যত কটকটীয়া নিৰাপত্তাৰ মাজেৰে ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হৈ গ’ল ৰাজ্য চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ বাছনি পৰীক্ষা।

পৰীক্ষাৰ যাতে কোনোধৰণৰ বিসংগতিৰ সৃষ্টি নহয় তাৰ বাবে দুয়োটা দিনতে বন্ধ কৰি দিয়া হয় ইণ্টাৰনেট সেৱা।

কিন্তু শেহতীয়াভাৱে ২৬ হাজাৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

সামাজিক মাধ্য়মত উত্থাপিত এক অভিযোগে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য।

ভিক্টৰ দাস নামৰ এজন ব্যক্তিয়ে টুইটাৰৰ জৰিয়তে এই পৰীক্ষাত টকাৰ লেন দোন হোৱাৰ অভিযোগ উত্থাপন কৰিছে।

টুইটাৰত মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী কাৰ্যালয়, অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক টেগ কৰিছে।

টুইটত কোৱা হৈছে যে, চতুৰ্থ বৰ্গৰ পদ সমূহৰ বাবে ৩ লাখৰ পৰা আৰম্ভ হোৱাৰ লগতে তৃতীয় বৰ্গৰ পদ সমূহৰ বাবে ৮ লাখ টকা পৰ্যন্ত দাম উঠিছে।

লগতে এই ক্ষেত্ৰত এগৰাকী প্ৰাক্তন বিধায়ক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

এই সন্দৰ্ভত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে উপযুক্ত তথ্য প্ৰমাণ বিচাৰিছে লোকজনৰ পৰা।

তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃততে এই অভিযোগ কিমান সঁচা!