ভাৰত-পাকিস্তান-বাংলাদেশ একত্ৰিত হ’লে কি লাভ হ’ব ভাৰতীয় মুছলমানৰ? ক’লে সাংসদ আব্দুল খালেকে

নিউজ ডেস্কঃ ভাৰত-পাকিস্তান-বাংলাদেশ একত্ৰিত হ’লে আটাইতকৈ বেছি লাভাৱাম্বিত হ’ব ভাৰতীয় মুছলমান। -এই মন্তব্য সাংসদ আব্দুল খালেকৰ।

বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি বিজেপিৰ অখণ্ড ভাৰত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আব্দুল খালেকে কয় যে যদি ভাৰত-পাকিস্তান আৰু বাংলাদেশ একত্ৰিত হয় তেন্তে অধিক লাভৱান হ’ব ভাৰতীয় মুছলমানসকল।

ইয়াৰ কাৰণ ব্যাখ্যা কৰি সাংসদগৰাকীয়ে কয় যে তিনিখন দেশ একত্ৰিত হ’লে মুছলমানক লৈ বিজেপিয়ে বিয়পাই থকা ঘৃণাৰ পৰিৱেশৰ অৱসান ঘটিব।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুপ্ৰৱেশকাৰী বুলি অভিহিত কৰি সাংসদ আব্দুল খালেকে কয়, ‘মই যদি অনুপ্ৰৱেশকাৰী, তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও অনুপ্ৰৱেশকাৰী। কাৰণ তেওঁৰ পূৰ্বপুৰুষ কনৌজৰ পৰা আহিছে। মোৰো পূৰ্বপুৰুষ অবিভক্ত ভাৰতৰ পৰা অহা।’’