লক্ষ্য ২০২৪! ৰাজ্যত গঠন আন এক ৰাজনৈতিক দলৰ…

নিউজ ডেস্কঃ ৰাজ্যত পুনৰ জন্ম ঘটিল এটা নতুন ৰাজনৈতিক দলৰ। ২০২৪ৰ লোকসভা নিৰ্বাচনক সন্মুখত ৰাখি গঠন কৰা হ’ল এটা নতুন ৰাজনৈতিক দল।

আঞ্চলিক গণ মৰ্চা আৰু অসম সংগ্ৰামী মঞ্চ একত্ৰিত হৈ গঠন কৰা নতুন ৰাজনৈতিক দলটোৰ নাম ৰখা হৈছে জাতীয় দল, অসম চমুকৈ জেডিএ।

photo1662542755
লক্ষ্য ২০২৪! ৰাজ্যত গঠন আন এক ৰাজনৈতিক দলৰ… 2

উল্লেখ্য যে, আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদ মেলত ঘোষণা কৰা আঞ্চলিকতাবাদ ভাৱধাৰাৰ নতুন ৰাজনৈতিক দলটোৰ সভাপতি হ’ব সাংসদ তথা জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা।

সংবাদমেলত অজিত কুমাৰ ভূঞাই কয় যে অসমৰ মানুহ এতিয়াও আঞ্চলিকতাবাদত বিশ্বাসী। বিজেপিৰ ভৰিত ধৰি চলা আঞ্চলিকতাবাদৰ বিপৰীতে এক আপোচহীন আঞ্চলিকতাবাদ বিচাৰে অসমৰ ৰাইজে।

বিজেপিক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি নতুন আঞ্চলিক দলটোৱে অসমৰ ৰাইজলৈ আশাৰ বতৰা কঢ়িয়াই আনিব বুলি মন্তব্য কৰে সাংসদ অজিত কুমাৰ ভূঞাই।