অৰুণাচলত জব্দ কৰা ১৯ খন চুৰি বাইক ট্ৰাকেৰে লৈ অনা হ’ল অসমৰ এইখন আৰক্ষী থানালৈ…

নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশত অভিযান চলাই দৰং আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ১৯ খন চুৰি বাইক। দৰং আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই অৰুণাচল প্ৰদেশৰ দিৰাং জিলাৰ পৰা জব্দ কৰে বাইক কেইখন।

image 36
অৰুণাচলত জব্দ কৰা ১৯ খন চুৰি বাইক ট্ৰাকেৰে লৈ অনা হ’ল অসমৰ এইখন আৰক্ষী থানালৈ... 3

দৰং আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰা, মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি আৰু উপ পৰিদৰ্শক কৃষ্ণ কান্ত লস্কৰৰ তৎপৰতাত অভিযান চলাই জব্দ কৰে চুৰি বাইক কেইখন।

ইফালে জব্দ কৰা বাইককেইখন পৰৱৰ্তী সময়ত ট্ৰাকেৰে অৰুণাচলৰ পৰা দৰং আৰক্ষী থানালৈ লৈ অনা হয়।

bike bike
অৰুণাচলত জব্দ কৰা ১৯ খন চুৰি বাইক ট্ৰাকেৰে লৈ অনা হ’ল অসমৰ এইখন আৰক্ষী থানালৈ... 4

অন্যহাতে এই বাইক চুৰি চক্ৰৰে জড়িত থকাৰ অভিযোগত দৰং আৰক্ষীয়ে ওদালগুৰিৰ পৰা ৰাজু দাস, মিন্টু বড়ো, ঢেকীয়াজুলিৰ বিনোদ বসুমতাৰীকে ধৰি ৭ জনকৈ লোকক আটক কৰিছে। ধৃত লোক কেইজনৰ বিৰুদ্ধে মঙলদৈ সদৰ থানাত ৩৫৭/২২ থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।