নিউজ ডেস্কঃ অসমীয়া মাধ্যমত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটাত ইংৰাজী মাধ্যম ব্যৱহাৰ হ’বই। কেবিনেটৰ সিদ্ধান্তত অটল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যম ব্যৱহাৰক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থাকিলেও নিজৰ স্থিতিত অটল বুলি পুনৰ এবাৰ সজোৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমান্ত বিশ্ব শৰ্মাই। কেবিনেটৰ এই সিদ্ধান্ত বহু চিন্তা কৰি লোৱা হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীৰ মতে, অসমীয়া ভাষা ৰক্ষাৰ দায়িত্ব কেৱল দুখীয়া ল’ৰা-ছোৱালীয়ে কিয় বহন কৰিব লাগে? ধনীক শ্ৰেণীৰ ল’ৰা-ছোৱালীয়ে ছেণ্টমেৰিজ, ডনব’স্কৰ দৰে বিদ্যালয়ত পঢ়ে। কিন্তু দুখীয়া শ্ৰেণীৰ ল’ৰা-ছোৱালীয়ে অসমীয়া মাধ্যমত পঢ়ি অসমীয়া ভাষা ৰক্ষাৰ দায়িত্ব অকলে বহন কৰাটো কোনো নৈতিক কাৰ্য নহয়।
তৃতীয় শ্ৰেণীৰ পৰা দুটা পাঠ্যক্ৰম ইংৰাজীত পঢ়িলে ল’ৰা-ছোৱালীয়ে ভৱিষ্যতে বিদেশত উচ্চ শিক্ষা গ্ৰহণ কৰি অসমীয়া ভাষা ৰক্ষাত আগভাগ ল’ব পাৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। গণিত-বিজ্ঞান অসমীয়াত পঢ়িলে কোনেও চিকিৎসক, অভিযন্তা হ’ব নোৱাৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যমৰ ব্যৱহাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াকে ধৰি বিভিন্ন দল-সংগঠন তথা বুদ্ধিজীৱীয়ে। এনে প্ৰসংগত মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত কুলধৰ শইকীয়াকো কটাক্ষ কৰিবলৈ নেৰিলে।
শেহতীয়াকৈ চৰকাৰৰ এই সিদ্ধান্তক অবৈজ্ঞানিক আৰু অদূৰদৰ্শী আখ্যা দি এই সিদ্ধান্ত প্ৰত্যাহাৰৰ পুনৰ এবাৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যইও।









