নিউজ ডেস্কঃ মাদ্ৰাছা উচ্ছেদৰ বিৰুদ্ধে পুনৰ সৰৱ এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল। মাদ্ৰাছাত বুলড’জাৰ চলোৱা কাৰ্য্য শীঘ্ৰে বন্ধ কৰিবলৈ চৰকাৰক দাবী জনালে আজমলে।
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয় যে ক’ৰবাত যদি জেহাদী পাইছে, তেন্তে তাক কৰায়ত্ত কৰি দোষী সাব্যস্ত হ’লে গুলী মাৰক। তাত কাৰো কোনো আপত্তি নাই। কিন্তু ধৰ্মীয় প্ৰতিষ্ঠানেই হওক বা শৈক্ষিক প্ৰতিষ্ঠানে হওক, এনেদৰে বুলড’জাৰ চলাই ভাঙি পেলোৱাটো বন্ধ কৰিব লাগে।
চৰকাৰৰ যদি বেছি অসুবিধা হৈছে, তেন্তে আইনৰ গণ্ডীৰ ভিতৰত থাকি তেনে মাদ্ৰাছাসমূহ বন্ধ কৰি দিব পাৰে বুলি মন্তব্য কৰে আজমলে। আদালতে পিছত যদি ভাঙিবলৈ কয় তেন্তে ভাঙি পেলাব পাৰে। কিন্তু নীতি বহিৰ্ভূতভাৱে এনেদৰে মাদ্ৰাছা উচ্ছেদ কৰাৰ অধিকাৰ চৰকাৰৰ নাই বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে।
উল্লেখ্য যে, শেহতীয়াকৈ মাদ্ৰাছাৰ সৈতে জেহাদীৰ লিংক ধৰা পৰাৰ পিছতে ৰাজ্যৰ কেইবাখনো মাদ্ৰাছা বুলড’জাৰ চলাই ভাঙি পেলোৱা হৈছে। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্ন দল-সংগঠন আৰু বিৰোধীয়ে।
ইফালে মাদ্ৰাছা উচ্ছেদ আৰু অসমত জেহাদীৰ প্ৰভাৱ সম্পৰ্কে আজি ৰাজ্যৰ বিভিন্ন ইছলামিক সংগঠনৰ প্ৰতিনিধিৰ সৈতে এক বৈঠকত মিলিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত। এই বৈঠকত মাদ্ৰাছাসমূহ নিয়ন্ত্ৰণ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ডিজিপিৰ সৈতে ইছলামিক সংগঠনৰ প্ৰতিনিধিৰ এই বৈঠকক আদৰণি জনায় এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলেও।









