ত্ৰিপুৰাঅসমীয়া

মৰ্মান্তিক! ঘৰৰ চৌহদতে পানী ৰখা পাত্ৰত ডুবি ২ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক কৰুণ ঘটনা।

নিজৰ ঘৰৰ চৌহদত থকা পানী ৰখা সৰু পাত্ৰত ডুবি মৃত্যু ঘটিল এটি দুই বছৰীয়া কণমানিৰ।

G2 1

এই ঘটনা সংঘটিত হ’ল প্ৰতিবেশী ৰাজ্য ত্ৰিপুৰাত।

জানিব পৰা মতে, ত্ৰিপুৰাৰ চিপাহীজালা জিলাৰ সােনামুৰা থানাৰ এলেকাধীন ময়নামা গাঁও পঞ্চায়তৰ দুই নম্বৰ ৱাৰ্ডত সংঘটিত হয় এই অঘটন।

মৃত শিশুটিৰ নাম মায়েৰতাকী। শিশুটিৰ পিতৃৰ নাম আলমগীৰ হুছেইন বুলি জানিব পৰা গৈছে।

শিশুটিৰ মাতৃ ঘৰুৱা কামত ব্যস্ত থকাৰ সময়তে হঠাতে শিশুটিয়ে ঘৰৰ চৌহদত থকা চিমেন্টৰে নিৰ্মিত পানী ৰখা পাত্ৰত সােমাই পৰে।

শিশুটিৰ মৃত্যুৰ পিছতে পৰিয়ালৰ লােকে এই ঘটনা সন্দৰ্ভত জানিব পাৰে। লগে লগে সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ।

শিশুটিক স্থানীয় চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘােষণা কৰে।

এই ঘটনাই সমগ্ৰ অঞ্চলটােত গভীৰ শােকৰ ছাঁ পেলাইছে।