অসমীয়াআন্তঃৰাষ্ট্ৰীয়

ভাৰতলৈ গোপনে সৰবৰাহৰ চেষ্টা! বাংলাদেশ সীমান্তত জব্দ ৮০ হাজাৰ মাৰ্কিন ডলাৰ

নিউজ ডেস্কঃ বাংলাদেশৰ পৰা ভাৰতলৈ চোৰাং সৰবৰাহৰ সময়তে বাংলাদেশ সীমান্তৰক্ষী বাহিনীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৮০ হাজাৰ মাৰ্কিন ডলাৰ।

বুধবাৰে পুৱা বাংলাদেশৰ চোৱাডাঙাৰ দামুৰহুদা উপজিলাৰ ফুলবাৰী সীমান্তৰ ৮৫ নং পিলাৰত সীমান্তৰক্ষী বাহিনীয়ে জব্দ কৰে এই বৃহৎ পৰিমানৰ বিদেশী মুদ্ৰাখিনি।

বুধবাৰে বিয়লি সীমান্তৰক্ষী বাংলাদেশৰ মুখ্য কাৰ্যলায়ত এক সংবাদ মেল সম্বোধন কৰি এই তথ্য সদৰী কৰে উচ্চস্থৰীয় বিষয়াই।

image 35

অৱশ্যে এই সৰবৰাহৰ সৈতে কোনো লোকক বাংলাদেশ সীমান্তৰক্ষী বাহিনীয়ে আটক কৰিবলৈ সক্ষম নহ’ল।

বিজিবিৰ মতে, চোৱাডাঙা সীমান্তৰে চোৰাং সৰবৰাহকাৰী ভাৰতত প্ৰৱেশ কৰাৰ বিষয়ে গোপন খবৰ লাভ কৰাৰ পিছতে বিজিবিৰ টহলদাৰী দলে ফুলবাৰী সীমান্তত এক বিশেষ অভিযান চলায়।

এই অভিযানকালত হাতত এটা বেগ লৈ থকা এজন সন্দেহযুক্ত লোকক কৰায়ত্ব কৰিবলৈ খেদি যাওতেই লোকজনে বেগটো পেলাই পলায়ন কৰিবলৈ সক্ষম হয়।

image 36

পিছত সেই বেগত ৮টা ডলাৰৰ বাণ্ডিল জব্দ কৰা হয়। গণনা কৰাৰ পিছত বেগটোৰ ভিতৰত ৮০ হাজাৰ মাৰ্কিন ডলাৰ থকা বুলি নিশ্চিত কৰে বিজিবিয়ে।

চোৱাডাংগা-৬ বিজিবিৰ সঞ্চালক লেফটেনেণ্ট কৰ্ণেল শ্বাহ মহম্মদ ইষ্টিয়াকে জনোৱা মতে, এই বৃহৎ পৰিমানৰ বিদেশী মুদ্ৰাখিনি বাংলাদেশৰ পৰা ভাৰতলৈ গোপনে সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল।