দুঃখবৰ! বলিউডৰ জনপ্ৰিয় অভিনেতা মিথিলেশ চতুৰ্বেদীৰ দেহাৱসান…

বলীউডৰ জনপ্ৰিয় অভিনেতা মিথিলেশ চতুৰ্বেদী আৰু নাই।

হৃদৰোগত আক্ৰান্ত হৈ অভিনেতা মিথিলেশ চতুৰ্বেদীৰ মৃত্যু।

৩ আগষ্টত হৃদৰোগত আক্ৰান্ত হৈছিল অভিনেতা গৰাকী।

অৱশেষত ৪ আগষ্টৰ ৰাতিপুৱা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

মিথিলেশ চতুৰ্বেদীয়ে ১৯৯৭ চনত ভাই ভাইৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল।

ইয়াৰ পিছত তেওঁ সত্তা, তাল, ফিজা, ৰোড, ক’ই মিল গয়া, গান্ধী মাই ফাদাৰ আৰু বাণ্টি বাবলি ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছিল।

তেওঁ ২০২০ চনত স্কেম ১৯৯২ শৃংখলাৰ সৈতে ডিজিটেল মাধ্যমখনত আত্মপ্ৰকাশ কৰিছিল।

জনপ্ৰিয় অভিনেতাগৰাকীৰ মৃত্যুত বলিউড জগতত পৰিছে শোকৰ ছাঁ।