চেল্যুট! নিজৰ জীৱন বিপদাপন্ন কৰি জলাশয়ত আৱদ্ধ বৃদ্ধক উদ্ধাৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ জনতাৰ সেৱাৰ বাবেই আৰক্ষী।

কেতিয়াবা এনে কেতবোৰ ঘটনা আৰক্ষীয়ে সংঘটিত কৰে, যাৰ বাবে সঁচাকৈয়ে তেওঁলোকৰ প্ৰতি সন্মানত মূৰ দোঁ খাই পৰে সাধাৰণ জনতাৰ।

নিজৰ জীৱনকো তুচ্চজ্ঞান কৰি জনতাৰ সেৱাত ব্ৰতী হোৱা এনে খাকী পোছাকধাৰীৰ বাবেই আজিও সাধাৰণ জনতাই নিজকে সুৰক্ষিত অনুভৱ কৰে।

শেহতীয়াকৈ সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এগৰাকী আৰক্ষী কনিষ্টবল।

নিজৰ কৰ্মৰাজিৰে জিলিকি উঠা সন্দেশ কুমাৰ নামৰ এইগৰাকী আৰক্ষী কনিষ্টবলক প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে। আনকি তেওঁৰ কৰ্তব্যনিষ্ঠাৰ দ্বাৰা প্ৰভাৱাম্বিত হৈ সন্মানিতও কৰিছে আগ্ৰা আৰক্ষীয়ে।

photo1656918763
চেল্যুট! নিজৰ জীৱন বিপদাপন্ন কৰি জলাশয়ত আৱদ্ধ বৃদ্ধক উদ্ধাৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ, ভাইৰেল ভিডিঅ’ 4

দৰাচলতে আগ্ৰাৰ বৰহান ষ্টেছনৰ ওচৰৰ জলাশয়ত আৱদ্ধ পৰিছিল এগৰাকী বৃদ্ধ ব্যক্তি।

ক্ৰমশঃ বোকাত পোত গৈ থকা এই বৃদ্ধ ব্যক্তিজনক দেখিয়েই এখন্তেকো পলম নকৰি কঁকালত এডাল ৰচী বান্ধি লৈ উদ্ধাৰৰ বাবে জলাশয়ত নামি পৰে সন্দেেশ কুমাৰ নামৰ আৰক্ষী কনিষ্টবলজন।

নিজৰ জীৱনক একপ্ৰকাৰ মৃত্যুৰ মুখলৈ ঠেলি দি সাহসিকতাৰে প্ৰায় ১৫ মিনিটৰ প্ৰচেষ্টাৰ অন্তত জলাশয়ত আৱদ্ধ বৃদ্ধজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় সন্দেশ কুমাৰে।

photo1656918763 1
চেল্যুট! নিজৰ জীৱন বিপদাপন্ন কৰি জলাশয়ত আৱদ্ধ বৃদ্ধক উদ্ধাৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ, ভাইৰেল ভিডিঅ’ 5

সন্দেহ কুমাৰৰ সাহসিকতাৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। তাৰ পিছতে আৰক্ষী কনিষ্টবলগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে নেট ব্যৱহাৰকাৰীয়ে।

ইফালে সন্দেশ কুমাৰৰ এই কৰ্তব্যনিষ্ঠাৰ প্ৰশংসা কৰে আগ্ৰা আৰক্ষীৰ এডিজি ৰাজীৱ কৃষ্ণইও।

আগ্ৰা আৰক্ষীৰ তৰফৰ পৰা এখন প্ৰশস্তি প্ৰদান কৰি সন্দেশ কুমাৰক সন্মানিত কৰে এডিজি ৰাজীৱ কৃষ্ণই।

লগতে চাওকঃ

নেতা-মন্ত্ৰীক নহয়, অৱসৰৰ পিছত স্বগৃহলৈ উভতি অহা এগৰাকী সেনা জোৱানক ঢোলে-দগৰে আদৰণি জনালে গাঁওবাসীয়ে

photo1656917248
চেল্যুট! নিজৰ জীৱন বিপদাপন্ন কৰি জলাশয়ত আৱদ্ধ বৃদ্ধক উদ্ধাৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ, ভাইৰেল ভিডিঅ’ 6