নিউজ ডেস্ক। পিঠিত চাউল, আলুৰ বস্তা লৈ আকৌ এবাৰ চৰ্চাত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। নিজেই আলু, চাউলৰ বস্তা দাঙি নগাঁৱৰ শুকতিপাৰৰ বন্যাৰ্তৰ মাজত বান সাহায্য বিতৰণ কৰিলে বিধায়কগৰাকীয়ে।
উল্লেখ্য যে, ৰাজ্যৰ বহু অঞ্চলত এতিয়াও অব্যাহত আছে বানৰ সংহাৰী ৰূপ। পূৰ্বে বানৰ কৱলত নপৰা অঞ্চলো এইবাৰ বুৰাইছে বাঢ়নী পানীয়ে। এই বানত গৃহহাৰা হৈছে হাজাৰ হাজাৰ পৰিয়াল। এতিয়াও নিজৰ ঘৰখন এৰি বান শিবিৰত এমুঠি ভাত, এটোপাল খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগা হৈছে লাখ লাখ বন্যাৰ্তই।

এনে সময়ত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ আহ্বানমৰ্মে হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাব আৰু বিজেপি যুৱ মৰ্চাৰ সদস্যক লগত লৈ নগাঁৱৰ শুকতিপাৰৰ বন্যাৰ্তৰ মাজত বান সাহায্য বিতৰণ কৰে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

বিধায়কগৰাকীয়ে জানিবলৈ দিয়া মতে তেওঁ লগে প্ৰায় ৩ লাখ ১৭ হাজাৰ টকা মূল্যৰ বান সাহায্য বিতৰণ কৰে বন্যাৰ্তৰ মাজত।

ইফালে এই বান সাহায্য বিতৰণৰ সময়তে নিজেই পিঠিত চাউল আৰু আলুৰ বস্তা কঢ়িওৱা দেখা যায় বিধায়ক ৰূপজ্যোতি কুৰ্মীক।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে কংগ্ৰেছৰ বিধায়ক হৈ থকা সময়তো বানৰ সময়ত পিঠিত আলুৰ বস্তা কঢ়িয়াই চৰ্চালৈ আহিছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী। তাৰ পিছত এইবাৰ বিজেপিৰ বিধায়কস্বৰূপে তেওঁ হৈছে চৰ্চিত।









