
নেতা-মন্ত্ৰীক নহয়, অৱসৰৰ পিছত স্বগৃহলৈ উভতি অহা এগৰাকী সেনা জোৱানক ঢোলে-দগৰে আদৰণি জনালে গাঁওবাসীয়ে
নিউজ ডেস্কঃ সুদীৰ্ঘ ২৬ বছৰ ভাৰত মাতৃৰ সেৱাত নিয়োজিত হৈ অৱসৰ গ্ৰহণৰ পিছত নিজৰ আপোন গাঁওখনলৈ উভতি অহাৰ পিছতে ঢোলে-দগৰে আদৰণি জনোৱা হ’ল এগৰাকী সেনা জোৱানক।
এই আবেগিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল নগাঁও জিলাৰ বটদ্ৰৱাৰ নিকটৱৰ্তী বোৱালগুৰি।
২৬ বছৰীয়া কাৰ্যকালৰ অন্তত অৱসৰ গ্ৰহণ কৰি সেনা জোৱান ধৰণী বৰা স্বগৃহলৈ উভতি অহাৰ সময়তে তেওঁক ডিঙিত গামোছা, ফুলৰ মালা পিন্ধাই ঢোলে-দগৰে আদৰণি জনায় গাঁওবাসী আৰু পৰিয়ালৰ লোকে।

উল্লেখ্য যে, বোৱালগুৰি অঞ্চলৰ এগৰাকী সৰবৰহী ব্যক্তি হিচাপে পৰিচিত ধৰণী বৰা সেনা বাহিনীত কৰ্মৰত হৈ থকা সময়তো গাঁওখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত আগভাগ লৈ আহিছিল।
গাঁওখনৰ সকলোৰে মৰমৰ ধৰণী বৰাক সেইবাবেই অৱসৰৰ পিছত উলহ মালহেৰে আদৰণি জনায় গাঁওবাসীয়ে।
ইফালে অৱসৰ গ্ৰহণৰ পৰৱৰ্তী সময়খিনিত নিজৰ জন্মভূমি গাঁওখনৰ লগতে অসম মাতৃৰ সেৱা আগবঢ়োৱাৰ ইচ্ছা ব্যক্ত ধৰণী বৰাই।






Pingback: এদিনৰ বাবে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হৈ দায়িত্ব পালন কৰিলে এটি ১২ বছৰীয়া শিশুৱে, কাৰণ… - NEWS8 Nort
Pingback: চেল্যুট! নিজৰ জীৱন বিপদাপন্ন কৰি জলাশয়ত আৱদ্ধ বৃদ্ধক উদ্ধাৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ, ভাইৰেল ভিড