অসমীয়াআন্তঃৰাষ্ট্ৰীয়

মোবাইল ফোনৰ ব্যৱহাৰ হ্ৰাস কৰি উপভোগ কৰিবলৈ শিকক জীৱনটোকঃ আহ্বান মোবাইল ফোনৰ জনক মাৰ্টিন কুপাৰৰ

নিউজ ডেস্কঃ মানুহ যিমানেই প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ সৈতে সংপৃক্ত হৈ পৰিছে, সিমানেই যেন হেৰুৱাই পেলাইছে জীৱনৰ মাধুৰ্যতা। তাহানি আইতাৰ সৈতে চোতালৰ জোনাকৰ আঁচলত বহি সাধুকথা শুনা দিনবোৰ, নৈৰ পাৰৰ শীতল বতাহজাক গাত মেৰিয়াই বন্ধুৰ সৈতে মনৰ কথা খুলি কোৱাৰ সময়খিনি আজিকালি হয়তো কোনেও উপভোগ কৰিবলৈ নাপায়।

প্ৰযুক্তিৰ ওচৰত বন্দী হৈ পৰিছে এতিয়া মানুহৰ জীৱন। পুৱা শুই উঠাৰ পৰা নিশাৰ শেতেলীখনত বাগৰ দিয়ালৈকে আজিকালি প্ৰতিজন মানুহৰ জীৱন যান্ত্ৰিকতাৰ মাজেৰেই চলি থাকে। ইয়াৰ পৰিণাম স্বৰূপে বিভিন্ন মানসিক ৰোগৰ উপৰিও শাৰিৰীক ৰোগেও দেখা দিবলৈ আৰম্ভ কৰিছে।

অত্যাধুনিক প্ৰযুক্তিৰ এই নতুন যুগত এতিয়া মোবাইল ফোনৰ জনক মাৰ্টিন কুপাৰৰ এক মন্তব্যই শেহতীয়াকৈ লাভ কৰিছে তীব্ৰ চৰ্চা। বিবিচিৰ এটা সাক্ষাৎকাৰত মাৰ্টিন কুপাৰে নিজেই মোবাইল ফোনৰ পৰা আঁতৰি মানুহক জীৱনটো উপভোগ কৰিবলৈ আহ্বান জনায়।

মোবাইল ফোনৰ আবিস্কাৰেৰে গোটেই বিশ্বৰ ইতিহাস সলনি কৰি পেলোৱা মাৰ্টিন কুপাৰে নিজে দাবী কৰা মতে, তেওঁ দিনটোৰ ৫ শতাংশতকৈও কম সয়মহে মোবাইল ফোন ব্যৱহাৰ কৰে।

image 32

প্ৰথম ‘ৱায়াৰলেচ ফোন’ উদ্ভাৱন কৰি মাৰ্টিন কুপাৰে সমগ্ৰ বিশ্বতে এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিল। ১৯৭০ৰ দশকত মোবাইল ফোন ‘মটৰোলা ডাইনাটাক ৮০০০এক্স’ৰ সৈতে আৰম্ভ হোৱা যাত্ৰাই আজি পৃথিৱীখন সলনি কৰি দিছে। সেই ম’বাইল ফোনটোৰ অন্যতম আৱিস্কাৰক মাৰ্টিন কুপাৰে কয়, “জীৱন উপভোগ কৰিবলৈ, আপুনি মোবাইল ফোনৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। ”

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোৰ বাসিন্দা মাৰ্টিনে সদায়ে এটা চেল ফোন এজন ব্যক্তিৰ ব্যক্তিগত ফোন হোৱাটো বিচাৰিছিল, যাতে নম্বৰ এটা ডায়েল কৰিলে কেৱল এজন নিৰ্দিষ্ট ব্যক্তিৰ সৈতে যোগাযোগ কৰা সম্ভৱ হ’ব, কোনো নিৰ্দিষ্ট স্থানৰ সৈতে নহয়। শেহতীয়াকৈ বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ এইদৰে কয়, “মই দিনত পাঁচ শতাংশতকৈও কম সময়ত মোৰ মোবাইল ফোন ব্যৱহাৰ কৰোঁ।”

image 33

যিসকলে দিনৰ পাঁচ শতাংশতকৈ অধিক সময় তেওঁলোকৰ মোবাইল ফোনত অতিবাহিত কৰে, তেওঁলোকৰ বাবে মাৰ্টিনে আহ্বান জনায়, “জীৱন উপভোগ কৰিবলৈ শিকক। মোবাইল ফোনৰ ব্যৱহাৰ হ্ৰাস কৰক ”

উল্লেখ্য যে, মাৰ্টিন কুপাৰে ১৯৭৩ চনৰ ৩ এপ্ৰিলত প্ৰথম মোবাইল উদ্ভাৱন কৰিছিল। তাৰ পিছতে সলনি হৈ পৰিছে সমগ্ৰ বিশ্ব। বৰ্তমান সময়ত প্ৰায় প্ৰতিজন ব্যক্তিৰে হাতত আছে মোবাইল ফোন। কিন্তু এই মোবাইল ফোনে যিদৰে মানুহক মানুহৰ সৈতে সংযোগ কৰিছে, সেইদৰে আঁতৰাই ৰাখিছে জীৱন আৰু আন্তৰিক সম্পৰ্কৰ পৰা। তেনে পৰিপ্ৰেক্ষিতত মাৰ্টিন কুপাৰে মোবাইল ফোনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ জনোৱা আহ্বানে দৃষ্টি আকৰ্ষণ কৰিছে অনেকৰ।