তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত বিজেপিৰ যুৱ নেতা ধুনুমণি বৰ্মনৰ মৃত্যু…

নিউজ ডেস্ক। মহানগৰীৰ সাতগাৱঁত নিশাৰভাগত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়।

তীব্ৰেবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল যুৱ বিজেপি কৰ্মীৰ।

এখন দ্ৰুতবেগী ডাম্পাৰে যুৱকজনৰ দুচকীয়া বাহনখনত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

photo 2022 06 12 11 57 55
তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত বিজেপিৰ যুৱ নেতা ধুনুমণি বৰ্মনৰ মৃত্যু... 3

মৃত যুৱকজনক ধুনুমনী বৰ্মন বুলি চিনাক্ত কৰা হৈছে। তেওঁ বিজেপি যুৱ মৰ্চাৰ দিচপুৰ গোটৰ কোষাধ্যক্ষ আছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি মৃত যুৱ নেতাজনে যোৱা নিশা গুৱাহাটীৰ নাৰেংগী অঞ্চলৰ পাথাৰকুয়াৰীত যুৱ শাখাৰ দিচপুৰ গোটৰ এক কাৰ্যবাহী সভাত অংশ গ্ৰহণ কৰিছিল।

তেওঁ তেওঁৰ ৰয়েল এনফিল্ড বুলেটত (এএছ 01 ইএম 1887)ৰাতি পলমকৈ সভাৰ পৰা সতগাওঁৰ তেওঁৰ ঘৰলৈ উভতি অহাৰ পথত নিশা প্ৰায় ১২ বজাত ছেইণ্ট ফ্ৰান্সিছ ডি চেলছ (এছএফএছ) বিদ্যালয়ৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হয়।

photo 2022 06 12 12 02 57
তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত বিজেপিৰ যুৱ নেতা ধুনুমণি বৰ্মনৰ মৃত্যু... 4

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত মৃতকৰ দুজন বন্ধু তেওঁৰ ঠিক পিছফালে আছিল। তেওঁলোকে লগে লগে তেওঁক এখন আৰক্ষীৰ বাহনত মথঘৰীয়া গেট চিকিৎসালয়লৈ লৈ গৈছিল।

অৱশ্যে, চিকিৎসালয়লৈ নিয়াৰ পথত বৰ্মনৰ মৃত্যু হয়।

ইফালে, দুৰ্ঘটনাসংঘটিত কৰা ডাম্পাৰৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। তেওঁক এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই আৰু আৰক্ষীয়ে তেওঁৰ সন্ধান অব্যাহত ৰাখিছে।