উত্তৰ গুৱাহাটীৰ গোৱৰ্দ্ধন পাহাৰত উদ্ধাৰ প্ৰাচীন শিৱলিংগ

নিউজ ডেস্ক। উত্তৰ গুৱাহাটীৰ গোৱৰ্দ্ধন পাহাৰত উদ্ধাৰ প্রাচীন শিৱলিংগ।

ব্যক্তিগত নিৰ্মাণৰ বাবে একাংশ শ্ৰমিকে খনন কার্য চলাই থাকোতে শিৱলিংগটো উদ্ধাৰ হয়।

এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ কৌতূহলৰ।

শিৱলিংগ হোৱা স্থানৰ কাষতে মন্দিৰ বা প্ৰাচীন ঋষি-মুনিৰ সাধনা স্থল আছিল বুলি অনুমান কৰিছে স্থানীয় ভক্তপ্ৰাণ ৰাইজে।

G6 3
উত্তৰ গুৱাহাটীৰ গোৱৰ্দ্ধন পাহাৰত উদ্ধাৰ প্ৰাচীন শিৱলিংগ 2

এই সন্দৰ্ভত স্থানীয় লােকে প্ৰশাসনক খবৰ দিয়াৰ লগতে বিশেষজ্ঞৰদ্বাৰা পৰীক্ষা কৰি শিৱলিংগটো কিমান পুৰণি নিৰূপণ কৰাৰ দাবী জনাইছে।

ঘটনাৰ খবৰ লাভ কৰি উত্তৰ গুৱাহাটীৰ চক্ৰ বিষয়া ৰশ্মি প্রতাপ ঘটনাস্থলীত উপস্থিত হৈ শিৱলিংগটো পর্যবেক্ষণ কৰে।

বিষয়াগৰাকীয়ে শিৱলিংগটো বহু বছৰ পুৰণি বুলি উপস্থিত ভক্তপ্ৰাণ ৰাইজৰ সন্মুখত মত পোষণ কৰে।

লগতে অসম পুৰাতাত্ত্বিক বিভাগ আৰু স্থানীয় ৰাইজৰ মতামতৰ ওপৰত ভিত্তি কৰিহে ইয়াক উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

ইতিমধ্যে স্থানীয় ৰাইজে শিৱলিংগটো আৱিৰ্ভাৱ হোৱা স্থানতেই মন্দিৰ প্ৰতিষ্ঠা কৰিব বুলি সদৰি কৰিছে।

স্থানীয় ৰাইজে ইতিমধ্যে শিৱলিংগ ওলোৱা স্থানত পূজা-সেৱা আৰম্ভ কৰিছে।