নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ টিৰাপ আৰক্ষী আৰু আছাম ৰাইফলছৰ সফলতা।
টিৰাপ আৰক্ষী আৰু আছাম ৰাইফলছৰ খোনচা বেটেলিয়নে চলোৱা যুটীয়া অভিযানত এনএছচিএন-আইএম আৰু ইষ্টাৰ্ণ নাগা নেচনেল গৱৰ্ণমেণ্ট ৰ (ইএনএনজি) কে ধৰি বিভিন্ন বিদ্ৰোহী গোটৰ ছয়জন কট্টৰ সদস্য আটক হয়।
তথ্য অনুসৰি, চোৰাংচোৱা প্ৰতিবেদনৰ ভিত্তিত আছাম ৰাইফলছ আৰু আৰক্ষীৰ এটা দলে জিলাখনৰ স্থানীয় লোকসকলৰ বিৰুদ্ধে ধন দাবী, অপহৰণ আৰু জঘন্য কাৰ্যকলাপৰ সৈতে জড়িত তিনিজন কট্টৰ বিদ্ৰোহীক আটক কৰিবলৈ এক যুটীয়া অভিযান আৰম্ভ কৰে।
সেই অনুসৰি তিনিওজনক আটক কৰে। এই তিনিজনৰ পৰা লাভ কৰা তথ্যই দলটোক আৰু তিনিজন বিদ্ৰোহীক ধৰা পেলোৱাত সহায় কৰে। তেনেদৰেই মুঠ ৬ জনক আটক কৰিবলৈ সক্ষম হয় দলটো।

শুকুৰবাৰে আছাম ৰাইফলছে এক বিবৃতিত কয় যে, টিৰাপ জিলাৰ মুখ্য কাৰ্যালয় খোনচাত যোৱা ২৪ ঘণ্টা ধৰি চলোৱা কেইবাটাও অভিযানৰ পিছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। বিদ্ৰোহীসকলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হয়। তেওঁলোকৰ পৰা মুঠ ছয়টা পিষ্টল, সজীৱ গুলী আৰু দাবী কৰি সংগ্ৰহ কৰা ধন উদ্ধাৰ কৰা হয়।
বিদ্ৰোহীসকলে প্ৰকাশ কৰিছিল যে তেওঁলোকে ভূগৰ্ভস্থ কেডাৰৰ তথ্য নিৰাপত্তা বাহিনীলৈ প্ৰেৰণ কৰাৰ সন্দেহত জুন মাহৰ পৰা লংবো গাঁৱৰ এগৰাকী ২৮ বছৰীয়া মহিলাক অপহৰণ কৰি গৃহবন্দী কৰি ৰাখিছিল।

বিদ্ৰোহী সদস্যসকলে আৰু কয় যে, তেওঁলোকে টিৰাপৰ চানলিয়াম গাঁৱৰ এজন আৰডব্লিউডি কৰ্মচাৰীক তেওঁৰ বাসগৃহৰ পৰা অপহৰণ কৰিছিল। সেই ব্যক্তিজনক অত্যাচাৰ কৰা আৰু ৩ লাখ টকা সংগ্ৰহ কৰাৰ সৈতে জড়িত আছিল তেওঁলোক।
আছাম ৰাইফলছৰ বিজ্ঞপ্তিটোত কোৱা অনুসৰি, সন্ত্ৰাসবাদীয়ে আৰডব্লিউডি কৰ্মচাৰীজনক চকুত কাপোৰ বান্ধি, হাতকড়া পিন্ধাই জংঘললৈ লৈ গৈছিল। য’ত তেওঁক মাৰপিট কৰা হৈছিল আৰু আৰু ১০ লাখ টকা দাবী কৰিছিল। তেওঁলোকে সিন্নু গাঁৱৰ গাঁও পঞ্চায়তৰ অধ্যক্ষৰ পৰা বন্দুক দেখুৱাই ৫০,০০০ টকা দাবী কৰিছিল।









