শােকাৱহ! পাহাৰৰ পৰা খাৱৈত পৰিল তীৰ্থযাত্ৰীৰ বাছ, ২২ জনৰ মৃত্যু

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীৰ্থভ্ৰমণ কৰিবলৈ গৈ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ২২ জনকৈ তীৰ্থযাত্ৰীৰ।

এই দুৰ্ঘটনা উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত সংঘটিত হৈছে।

২৮ জন তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ খাৱৈত পৰাৰ ফলতে ২২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬ জন লোক আহত হৈছে।

FUgAIlPacAA7We3
শােকাৱহ! পাহাৰৰ পৰা খাৱৈত পৰিল তীৰ্থযাত্ৰীৰ বাছ, ২২ জনৰ মৃত্যু 2

জানিব পৰা মতে, মধ্যপ্ৰদেশৰ পান্না জিলাৰ পৰা ২৮ জন যাত্ৰী কঢ়িয়াই নিয়া বাছখনে উত্তৰাখণ্ডৰ পৱিত্ৰ তীৰ্থস্থান যমুনোত্ৰীলৈ যাত্ৰা কৰিছিল।

কিন্তু যাত্ৰাপথতে নিয়ন্ত্ৰণ হেৰুৱাই বাছখন খাৱৈত পৰি যায়।

ঘটনাৰ খবৰ লাভ কৰিয়েই উত্তৰকাশী জিলা দণ্ডাধীশ অভিষেক ৰুহেলাকে ধৰি জ্যেষ্ঠ বিষয়াসকল, উদ্ধাৰকাৰী বাহিনী ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰ অভিযান আৰম্ভ কৰে।

ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে এই সম্পৰ্কে ফােনযােগে আলােচনা কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে এই ঘটনাত গভীৰ শােক প্ৰকাশ কৰাৰ লগতে নিহতৰ নিকটাত্মীয়ক ২-২ লাখ টকা সাহায্য প্ৰদানৰ ঘােষণা কৰিছে।

Leave a Comment