‘তাই উভতি আহিব’- ১৫ বছৰ পূৰ্বে আলফালৈ যোৱা কন্যালৈ বাট চাই দিন কটাইছে এগৰাকী বৃদ্ধ মাতৃয়ে

এগৰাকী অশীতিপৰ আইতা।

অধীৰ আগ্ৰহেৰে পদূলীমুখলৈ চাই চাই জীৱনৰ শেষ সময়কণ পাৰ কৰিছে তেওঁ। মনত এটাই আশা, নিজ কন্যা এদিন উভতি আহিব আৰু মা বুলি চিঞৰী মাতিব।

কিয়নো ১৫ বছৰ পূৰ্বেই সশস্ত্ৰ বিপ্লৱৰ বাবে এদিন ঘৰৰ পৰা ওলাই গৈছিল কন্যা কুসুমে গগৈয়ে।

তাৰ পিছত আৰু কোনো দিনেই ঘৰলৈ অহা নাই কুসুম গগৈ।

G7 4
‘তাই উভতি আহিব’- ১৫ বছৰ পূৰ্বে আলফালৈ যোৱা কন্যালৈ বাট চাই দিন কটাইছে এগৰাকী বৃদ্ধ মাতৃয়ে 4

নিজ কন্যা ক’ত আছে, কেনেকৈ আছে তাৰো খবৰ আজিলৈকে নাপালে কুসুমৰ বৃদ্ধ মাতৃয়ে। আনকি তাইৰ মুখখন এবাৰ চাবলৈ ঘৰত ফটো এখনো নাই।

image 158
‘তাই উভতি আহিব’- ১৫ বছৰ পূৰ্বে আলফালৈ যোৱা কন্যালৈ বাট চাই দিন কটাইছে এগৰাকী বৃদ্ধ মাতৃয়ে 5

এটা জৰাজীৰ্ণ ঘৰত বাস কৰা ৰোগীয়া আইতাগৰাকীয়ে শেহতীয়াকৈ এটা চৰকাৰী গৃহ লাভ কৰিছে যদিও এসাঁজ ভালকৈ খাবলৈও অভাৱৰ সন্মুখীন হৈ আহিছে বহু দিনৰ পৰাই।

উল্লেখ্য যে, নগালেণ্ডত সংঘটিত এক সংঘৰ্ষত কেইমাহমান পূৰ্বে আলফা স্বাধীনৰ দুধৰ্ষ সদস্যা কুসুম গগৈ নিহত হোৱা বুলি শেহতীয়াকৈ চৰ্চা চলি আহিছে যদিও এই কথা একেবাৰেই গম নাপায় দুখুনী মাতৃয়ে।

লগতে চাওকঃ

বিদ্ৰােহী সংগঠনলৈ আন এগৰাকী অসমীয়া যুৱক! ভিডিঅ’ বাৰ্তা প্ৰেৰণ

বিদ্ৰােহী
‘তাই উভতি আহিব’- ১৫ বছৰ পূৰ্বে আলফালৈ যোৱা কন্যালৈ বাট চাই দিন কটাইছে এগৰাকী বৃদ্ধ মাতৃয়ে 6

Leave a Comment