বিদ্ৰােহী সংগঠনলৈ আন এগৰাকী অসমীয়া যুৱক! ভিডিঅ’ বাৰ্তা প্ৰেৰণ

নিউজ ডেস্ক। নিষিদ্ধ ঘোষিত বিদ্ৰােহী সংগঠন আলফা (স্বাধীন)লৈ শেহতীয়াভাৱে অসমৰ বহু যুৱক-যুৱতীয়ে যােগদান কৰাৰ বাতৰিয়ে সচেতন মহলক উদ্বিগ্ন কৰিছে।

কিন্তু আলফা (স্বা)ৰ উপৰি আন এটা নিষিদ্ধ উগ্ৰপন্থী সংগঠন কমতাপুৰ লিবৰেচন অৰ্গনাইজেচনলৈও ঢাপলি মেলে বহু যুৱকে।

শেহতীয়াকৈ বিশ্বনাথৰ চতিয়া থানাৰ অন্তৰ্গত বুদুআটী গাঁৱৰ কৃষ্ণ ৰায় ওৰফে কল্যাণ কোচ নামৰ এজন লোকে হাতত মাৰণাস্ত্ৰ লৈ নিষিদ্ধঘোষিত সংগঠন কে এল অ’ত যোগদান কৰাৰ ভিডিঅ’ ব্যাপকভাৱে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে।

বিদ্ৰােহী
বিদ্ৰােহী সংগঠনলৈ আন এগৰাকী অসমীয়া যুৱক! ভিডিঅ’ বাৰ্তা প্ৰেৰণ 3

উল্লেখ্য যে ইয়াৰ পূৰ্বে বঙাইগাঁও জিলা আক্ৰাছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক জয়প্রকাশ বৰ্মন ওৰফে জোন কোচে কেএলঅ’ত যােগদান কৰি ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছিল।

জানিব পৰা মতে, কেএলঅ’ত যোগদান কৰা কৃষ্ণ ৰায়ৰ ঘৰ বিশ্বনাথ জিলাৰ চতিয়া থানাৰ অন্তৰ্গত বুদুআটী গাঁৱত।

কৃষ্ণৰ ৭ আৰু ৩ বছৰীয়া দুটি পুত্র সন্তানো আছে।

পত্নীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে যোৱা ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে অৰুণাচলত কাম কৰিবলৈ বুলি কৃষ্ণ ঘৰৰ পৰা ওলাই গৈছিল।

বিগত তিনি মাহজুৰি কৃষ্ণই পত্নীৰ সৈতে কোনোধৰণৰ যোগাযোগ কৰা নাছিল বুলি পত্নীয়ে জনাইছে।

পত্নীয়ে আজি ভিডিঅ’ দেখিহে স্বামীয়ে কে এল অ’ত যোগদান কৰা বুলি নিশ্চিত হয়।

স্বামীক ভুল পথ এৰি ঘৰলৈ ঘূৰি আহিবলৈ কাতৰভাৱে আহ্বান জনাইছে পত্নীয়ে।

পৰিয়ালটোৰ একমাত্ৰ উপার্জনক্ষম ব্যক্তিগৰাকী উগ্রপন্থী সংগঠনটোত যোগদান কৰাৰ খবৰ লাভ কৰি হাহাকাৰ লাগিছে দৰিদ্ৰ পৰিয়ালটােত।

লগতে চাওকঃ

‘তাই উভতি আহিব’- ১৫ বছৰ পূৰ্বে আলফালৈ যোৱা কন্যালৈ বাট চাই দিন কটাইছে এগৰাকী বৃদ্ধ মাতৃয়ে

G7 4
বিদ্ৰােহী সংগঠনলৈ আন এগৰাকী অসমীয়া যুৱক! ভিডিঅ’ বাৰ্তা প্ৰেৰণ 4

Leave a Comment