দ্ৰুতগতিত চলিছে ডিমা হাচাওৰ ৰে’লপথৰ পুনৰ মেৰামতিৰ কাম, ১ জুলাইলৈকে লামডিং সংমণ্ডলৰ সকলো ট্ৰেইন বাতিল

নিউজ ডেস্কঃ ভয়ংকৰ বানৰ পিছত বিধ্বস্ত হৈ পৰা ডিমা হাচাও জিলাৰ ৰে’লপথৰ পুনৰ মেৰামতিৰ কাম আগবাঢ়িছে দ্ৰুত গতিত।

উল্লেখ্য যে, এন চি পাহাৰৰ দুৰ্গম ভূখণ্ডৰ মাজেৰে নিৰ্মাণ কৰা লামডিং-বদৰপুৰ ৰে’লপথে উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ লগতে অসমৰ বৰাক উপত্যকাত সংলগ্ন কৰি আহিছে। যাৰ বাবে বান আৰু ভূমিস্খলনৰ ফলত ৰে’লপথৰ বিস্তৰ ক্ষতিসাধনে একপ্ৰকাৰ সংযোগ বিচ্চিন্ন কৰি পেলাইছে বৰাক উপত্যকাৰ সৈতে।

শেহতীয়াকৈ অসমত হোৱা বানপানী আৰু পাহাৰীয়া জিলা ডিমা হাচাওত হোৱা ভয়ংকৰ ভূমিস্খলনে ১৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথৰ অংশটোৰ ৬০টা স্থানত বিস্তৰ ক্ষতিসাধন কৰিছে।

বহু ঠাইত ধাৰাসাৰ বৰষুণৰ বাবে ৰে’লপথৰ তলৰ মাটি উটুৱাই নিছিল। প্ৰচণ্ড ভূমিস্খলনে ট্ৰেক আৰু অন্যান্য ৰে’লৱেৰ সম্পত্তি পুতি পেলোৱা পৰিলক্ষিত হৈছিল। নিউ হাফলং ষ্টেচনতো ভূমিস্খলন আৰু বানৰ ফলত বোকাত পোত হৈছিল ৰে’লৰ ডবা।

এন এফ আৰৰ মুখ্য জনসংযোগ বিষয়া সব্যাসচি দেৰ মতে, লামডিং সংমণ্ডলৰ অন্তৰ্গত পাহাৰীয়া অংশত ১ জুলাইলৈকে বা ৰে’লপথ পুনৰ মেৰামতি নকৰালৈকে সকলো ৰে’ল বাতিল কৰা হৈছে।

তদুপৰি ৰে’লপথ মেৰামতিৰ কামৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৮০ কোটি টকা অনুমোদন কৰিছে বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে।

তেওঁ কয়, ‘আমি পুনৰ মেৰামতিৰ কাম আৰম্ভ কৰিছো আৰু ইয়াৰ বাবে প্ৰায় ১৮০ কোটি টকা ব্যয় হ’ব। আমি শীঘ্ৰেই মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছো।’

সব্যসাচী দেয়ে লগতে জানিবলৈ দিয়া মতে, বান আৰু ভূমিস্খলনৰ ফলত ৰে’লপথৰ ক্ষতি হোৱা ৬০টা স্থানৰ ভিতৰত ইতিমধ্যে ১১টা স্থানত মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে। বাকী অঞ্চলসমূহতো মেৰামতিৰ কাম পূৰ্ণগতিত চলি আছে।

ইফালে ক্ষতিগ্ৰস্ত যাত্ৰীসকলক টিকটৰ ভাড়া ঘূৰাই দিছে এনএফ ৰে’লৱেয়ে। ইতিমধ্যে ১৬৭৮ জন যাত্ৰীৰ বাবে এতিয়ালৈকে ১৩.৫ লাখতকৈ অধিক টকাৰ ৰিফাণ্ড কৰা হৈছে বুলি জানিব পৰা গৈছে।

Leave a Comment