নৱেম্বৰত ঠিক হৈছিল বিয়া! কিন্তু তাক পূৰ্বেই পৰিয়ালৰ সৈতে ফুৰিবলৈ হৈ প্ৰাণ হেৰুৱালে ৰীমাই

নিউজ ডেস্কঃ মৃত্যু চিৰন্তন সত্য বুলি জানিও মৃত্যুক সহজভাৱে মানি ল’ব নোৱাৰে কোনেও।

মৃত্যু মানেই এবুকু বিষাদ। পশ্চিমবংগৰ জীয়াৰী ৰীমাৰ মৃত্যুৱেও শোকবিহ্বল কৰি তুলিছে সকলোকে।

এই অবিশ্বাস্য মৃত্যুক মানি ল’ব পৰা নাই কোনেও।

নৱেম্বৰত বিয়া ঠিক হৈছিল পশ্চিমবংগৰ হাওৰাৰ উদয়নাৰায়ণপুৰৰ ২০ বৰ্ষীয় ৰীমা ডেণ্ডেৰ।

p2 10
নৱেম্বৰত ঠিক হৈছিল বিয়া! কিন্তু তাক পূৰ্বেই পৰিয়ালৰ সৈতে ফুৰিবলৈ হৈ প্ৰাণ হেৰুৱালে ৰীমাই 6

বিয়াৰ বাবে ইটো সিটো বজাৰ সমাৰো কৰিবলৈ আৰম্ভ কৰিছিল ৰীমাৰ পৰিয়াল। কিন্তু ঘৰখনলৈ এই সুখৰ মুহূৰ্ত অহাৰ পূৰ্বেই নামি আহিল কাল সন্ধ্যা!

photo1653554105
নৱেম্বৰত ঠিক হৈছিল বিয়া! কিন্তু তাক পূৰ্বেই পৰিয়ালৰ সৈতে ফুৰিবলৈ হৈ প্ৰাণ হেৰুৱালে ৰীমাই 7

ৰীমা ডেণ্ডেয়ে পৰিয়ালৰ সৈতে উৰিষ্যাৰ সাহসীবাৰীলৈ ফুৰিবলৈ যোৱাৰ সময়তে সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱতীগৰাকীয়ে।

উল্লেখ্য যে, উৰিষ্যাৰ সাহসীবাৰীৰ পৰা বিশাখাপট্টনমলৈ যাত্ৰা পথত গঞ্জাম আৰু কন্ধমাল জিলাৰ সীমান্তৰ কলিঙ্গঘাটৰ ওচৰত পৰ্যটকৰ দলৰ বাছ এখন নিয়ন্ত্ৰণ হেৰুৱাই মঙলবাৰে বাগৰি পৰে।

এই দুৰ্ঘটনাত বাছখনত থকা ৬ গৰাকী পৰ্যটকে কৰুণ মৃত্যুৱ আঁকোৱালি লোৱাৰ লগতে আহত হয় আন ৪৫ জনৰো অধিক পৰ্যটক।

image 107
নৱেম্বৰত ঠিক হৈছিল বিয়া! কিন্তু তাক পূৰ্বেই পৰিয়ালৰ সৈতে ফুৰিবলৈ হৈ প্ৰাণ হেৰুৱালে ৰীমাই 8

এই ভয়ংকৰ দুৰ্ঘটনাতেই প্ৰাণ হেৰুৱায় ৰীমা ডেণ্ডেয়ে।

দুৰ্ঘটনাটোত ৰীমাৰ উপৰিও নিহত আন সকল হৈছে- সুপ্ৰিয়া ডেণ্ডে (৩২), স্পেকট্ৰাম মান্না (৩৬), সঞ্জীৱ পাত্ৰ (৩৬),আৰু মৌচুমী ডেণ্ডে (৩৭)আৰু স্বপ্ন গুচাই (৫০)।

image 106
নৱেম্বৰত ঠিক হৈছিল বিয়া! কিন্তু তাক পূৰ্বেই পৰিয়ালৰ সৈতে ফুৰিবলৈ হৈ প্ৰাণ হেৰুৱালে ৰীমাই 9

জানিব পৰা মতে বাছখন ২৩ মে’ত হাওৰাৰ উদয়নাৰায়ণপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি প্ৰথমে ডেৰিংবাৰীত উপস্থিত হৈছিল।

তাৰ পৰা নিশা বিশাখাপট্টনমলৈ ৰাওনা হওঁতেই ৰাস্তাৰ মাজত বাছখনে হঠাতে নিয়ন্ত্ৰণ হেৰুওৱাত এই ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোৰ সময়ত বাছখনত মুঠ ৬৫ জন পৰ্যটক আছিল।

দুৰ্ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইটযোগে গভীৰ শোক ব্যক্ত কৰাৰ লগতে নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

লগতে চাওকঃ

IPL ৰ জুৱাত সৰ্বস্বান্ত হ’ল পোষ্টমাষ্টাৰ! খৰচ কৰিলে গ্ৰাহকৰ ফিক্স ডিপােজিটৰ কােটি টকা

G4 11
নৱেম্বৰত ঠিক হৈছিল বিয়া! কিন্তু তাক পূৰ্বেই পৰিয়ালৰ সৈতে ফুৰিবলৈ হৈ প্ৰাণ হেৰুৱালে ৰীমাই 10

Leave a Comment