মৰ্মান্তিক! শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ সময়তে ঢলি পৰিল নৱম শ্ৰেণীৰ ছাত্ৰ, মৃত্যু

নিউজ ডেস্কঃ শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ সময়তে হঠাৎ বহা ঠাইতে অচেতন হৈ ঢলি পৰিল এজন ছাত্ৰ।

লগে লগে ছাত্ৰজনক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ছাত্ৰজনক।

এই শোকাবহ ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ ভেৰগাঁও উচ্চ বিদ্যাপীঠত।

জানিব পৰা মতে, সোমবাৰে বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে দিনৰ প্ৰায় ১০ বজাত ঢলি পৰে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ।

photo 2022 05 03 11 09 47 1
মৰ্মান্তিক! শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ সময়তে ঢলি পৰিল নৱম শ্ৰেণীৰ ছাত্ৰ, মৃত্যু 4

সেই সময়ত ইংৰাজী বিষয়ৰ পাঠদান কৰি থকা সুৰভি ৰাভাই লগে লগে আন ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয় কৰ্তৃপক্ষৰ সহায়ত ছাত্ৰজনক ভেৰগাঁও আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ছাত্ৰজনক মৃত ঘোষণা কৰে।

শ্ৰেণীকোঠাৰ ভিতৰতে এনেদৰে আকস্মিক মৃত্যুক সাৱটি লোৱা ছাত্ৰজনৰ পৰিচয় ভেৰগাঁৱৰ খুছিগাঁও নিবাসী প্ৰভাত ৰাভা আৰু বুলবুলি ৰাভাৰ একমাত্ৰ সম্ভান ধর্মেন্দ্ৰ ৰাভা বুলি জানিব পৰা গৈছে।

p2 2
মৰ্মান্তিক! শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ সময়তে ঢলি পৰিল নৱম শ্ৰেণীৰ ছাত্ৰ, মৃত্যু 5

জানিব পৰা মতে, প্ৰয়াত ধৰ্মেন্দ্ৰ ৰাভা এগৰাকী সুদক্ষ ভলীবল খেলুৱৈ আছিল।

ছাত্ৰজনৰ এনে অস্বাভাৱিক মৃত্যুৱে শোকৰ বন্যা নমাইছে, পৰিয়াল, বিদ্যালয়ৰ লগতে সমগ্ৰ অঞ্চলটোত।

ছাত্ৰজনৰ বিদেহ আত্মাৰ সদ্‌গতি কামনা কৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী তথা ভেৰগাঁও আঞ্চলিক, আৰৰ্ছ, এবছু, প্ৰেছ ক্লাব তথা বিভিন্ন দল-সংগঠনে শোক প্রকাশ কৰে।

লগতে চাওকঃ

যদি অসমৰ বাবে প্ৰাণো দিব লাগে, তাৰ বাবেও সাজু আছোঁঃ অসমক কিয় ইমান ভাল পায় IPS আনন্দ মিশ্ৰই?

G3 2
মৰ্মান্তিক! শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ সময়তে ঢলি পৰিল নৱম শ্ৰেণীৰ ছাত্ৰ, মৃত্যু 6

Leave a Comment