মুছলমান আজি সংকটৰ মাজত আছেঃ শিৱসাগৰত ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি ক’লে অখিল গগৈয়ে

নিউজ ডেস্কঃ আজি পবিত্ৰ ঈদ-উল-ফিতৰ।

এই বিশেষ দিনটোত সম্প্ৰীতি আৰু ভাতৃত্ববোধে প্ৰাণ পায় উঠে ভাৰতবৰ্ষত।

এই ঈদ যেন কেৱল ইছলামৰ উৎসৱ নহয়, ভাৰতৰ দৰে ধৰ্ম নিৰপেক্ষ দেশত ঈদ আন ধৰ্মৰো উৎসৱ।

এই পবিত্ৰ দিনটোত আজি শিৱসাগৰৰ জেঙনিকটীয়া চাৰিআলিৰ জুম্মা মছজিদত উপস্থিত হয় বিধায়ক অখিল গগৈ।

image 2022 05 03 11 34 23 1
মুছলমান আজি সংকটৰ মাজত আছেঃ শিৱসাগৰত ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি ক’লে অখিল গগৈয়ে 3

বিধায়কগৰাকীয়ে মুছলাম ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিশ্ব ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ কামনা কৰে।

বিধায়কগৰাকীয়ে ঈদৰ শুভেচ্ছা জ্ঞাপনৰ অন্তত সংবাদমাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয় যে আজি ভাৰতত মুছলমান সংকটৰ সন্মুখীন হৈছে।

এই ঈদে যেন তেওঁলোকক সংকটৰ সৈতে যুঁজিবলৈ সাহস প্ৰদান কৰে তাৰ কামনা কৰে অখিল গগৈয়ে।

ভাৰতৰ প্ৰতিজন গণতান্ত্ৰত বিশ্বাসী লোক সংখ্যালঘু ৰাইজৰ লগত আছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে লগতে কয় সংখ্যালঘু জনতাৰ ওপৰত থকা সংকট সকলোৱে মিলি আঁতৰাব লাগিব আৰু বিশ্ব ভাতৃত্ববোধ সকলোৱে জীয়াই ৰাখিব লাগিব।

লগতে চাওকঃ

যদি অসমৰ বাবে প্ৰাণো দিব লাগে, তাৰ বাবেও সাজু আছোঁঃ অসমক কিয় ইমান ভাল পায় IPS আনন্দ মিশ্ৰই?

G3 2
মুছলমান আজি সংকটৰ মাজত আছেঃ শিৱসাগৰত ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি ক’লে অখিল গগৈয়ে 4

Leave a Comment