যদি অসমৰ বাবে প্ৰাণো দিব লাগে, তাৰ বাবেও সাজু আছোঁঃ অসমক কিয় ইমান ভাল পায় IPS আনন্দ মিশ্ৰই?

নিউজ ডেস্কঃ অসমৰ আটাইতকৈ জনপ্ৰিয় আৰু চৰ্চিত আইপিএছ বিষয়া কোন?

এই প্ৰশ্ন যদি আপোনাক সোধা হয়, তেন্তে নিঃসন্দেহে ইয়াৰ উত্তৰ আপুনি দিব- আনন্দ মিশ্ৰ।

এক কথাত অসমৰ প্ৰকৃত নায়ক আখ্যা লাভ কৰা আইপিএছ আনন্দ মিশ্ৰই য’তেই যায়, তাতেই সাধাৰণ মানুহক প্ৰভাৱিত কৰিবলৈ সক্ষম হয়।

ধুবুৰী হওক বা নগাঁও, গুৱাহাটী হওক বা আন প্ৰান্ত, সকলোতে নিজৰ চাপ ৰাখি মানুহৰ প্ৰিয় হ’ব পাৰিছে আনন্দ মিশ্ৰই। কিন্তু কিয় আনন্দ মিশ্ৰক মানুহে ইমান ভাল পায়, বা কিয় তেওঁ অসমক ইমান ভাল পায়?

image 2022 05 03 12 13 52
যদি অসমৰ বাবে প্ৰাণো দিব লাগে, তাৰ বাবেও সাজু আছোঁঃ অসমক কিয় ইমান ভাল পায় IPS আনন্দ মিশ্ৰই? 5

পাঠশালাত সাংবাদিকে সোধা এই প্ৰশ্নৰ উত্তৰত অসম আৰক্ষীৰ (ক্রীড়া) সহকাৰী আৰক্ষী মহাপৰিদৰ্শক আনন্দ মিশ্ৰ কয় যে প্ৰেম-ভালপোৱা বুজাব নোৱাৰা বিষয়।

অসমখন তেওঁৰ তেওঁৰ সদায় নিজৰ যেন লাগে। যিদৰে তেওঁ কাৰণ নজনাকৈ ৰসগোল্লা ভালপায়, সেইদৰেই ভালপায় অসমকো।

অসমৰ বাবে প্ৰাণ দিবলৈও প্ৰস্তুত বুলি মন্তব্য কৰে আনন্দ মিশ্ৰই।

দৰাচলতে দেশৰ ৰাষ্ট্ৰপতিৰ তৰফৰ পৰা অসম আৰক্ষীলৈ আগবঢ়োৱা সন্মান প্রেছিডেণ্ট কালাৰ্ছ এৱাৰ্ড লাভ কৰাৰ পৰিপ্ৰেক্ষিতত এই সন্মানৰ গৌৰৱময় ধবজা কঢ়িয়াই ধুবুৰীৰ পৰা শদিয়ালৈ অসমজুৰি এটা বাইক ৰেলী বাহিৰ কৰিছে অসম আৰক্ষীয়ে।

image 2022 05 03 12 14 55
যদি অসমৰ বাবে প্ৰাণো দিব লাগে, তাৰ বাবেও সাজু আছোঁঃ অসমক কিয় ইমান ভাল পায় IPS আনন্দ মিশ্ৰই? 6

অসম আৰক্ষীৰ সঞ্চলকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই দেওবাৰে এই বাইক ৰেলীৰ ধুবুৰীত ফ্লেগ অফ কৰাৰ পিছতে সোমবাৰে বজালী জিলাৰ পাঠশালাত ৯ জনীয়া আৰক্ষীৰ বাইক ৰেলীৰ দলসহ উপস্থিত হয় আনন্দ মিশ্ৰ।

অসম আৰক্ষীৰ জাতীয় সংহতি মটৰচাইকেল ৰেলীক বজালী জিলাৰ সীমান্ত কুঁজাৰপীঠত উষ্ম আদৰণি জনায় বজালীৰ আৰক্ষী অধীক্ষক ধর্মেন্দ্ৰ দাসৰ নেতৃত্বত বজালী আৰক্ষীয়ে।

image 2022 05 03 12 16 09
যদি অসমৰ বাবে প্ৰাণো দিব লাগে, তাৰ বাবেও সাজু আছোঁঃ অসমক কিয় ইমান ভাল পায় IPS আনন্দ মিশ্ৰই? 7

ইয়াৰ পিছতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত অংশ লৈ আইপিএছ আনন্দ মিশ্ৰই অসম আৰক্ষী ৰাষ্ট্ৰপতিৰ প্ৰেচিডেণ্ট কালাৰ্ছ এৱাৰ্ডৰ বাবে নির্বাচিত হোৱাটো অসমৰ বাবে এক গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে।

image 2022 05 03 12 15 10
যদি অসমৰ বাবে প্ৰাণো দিব লাগে, তাৰ বাবেও সাজু আছোঁঃ অসমক কিয় ইমান ভাল পায় IPS আনন্দ মিশ্ৰই? 8

বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড° ৰশ্মিৰেখা শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত আনন্দ মিশ্ৰই কয়, ‘‘সাধাৰণতে বহু মানুহে আৰক্ষী বিভাগৰ প্ৰতি বেয়া মনোভাব লৈ, থাকে। ৰাইজে এনেকুৱা মনোভাব ৰখাটো অনুচিত। কিয়নো, অসম আৰক্ষীত কাম কৰা মই বা আন কোনোবা ব্যক্তিগতভাৱে বেয়া হ’ব পাৰোঁ, কিন্তু অসম আৰক্ষী কেতিয়াও বেয়া হ’ব নোৱাৰে।’’

Leave a Comment