অসমঅসমীয়া

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু উপ-মেয়ৰৰ নাম ঘােষণা

নিউজ ডেস্ক। সকলাে জল্পনা-কল্পনাৰ ওৰ পেলাই ঘোষণা কৰা হ’ল পৌৰ নিগমৰ মেয়ৰৰ নাম।

দ্বিতীয়বাৰৰ বাবে GMCৰ মেয়ৰৰ দায়িত্ব প্ৰদান কৰা হ’ল মৃগেন শৰণীয়াক।

লগতে স্মিতা ৰয়ক উপ-মেয়ৰৰ দায়িত্ব প্ৰদান কৰিছে দলীয় নেতৃত্বই।

G1 3

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই ঘােষণা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

উল্লেখ্য যে উপ-মেয়ৰৰ পদক লৈ হ’ল অসম গণ পৰিষদ দল আশাবাদী হৈ আছিল যদিও এই আশা পূৰণ নহ’ল দলটােৰ।

ইপিনে, দলৰ এই ঘােষণাৰ পিছতে দলত্যাগৰ ঘােষণা কৰিছে মেয়ৰ পদৰ অন্যতম দাবীদাৰ শশাংক জ্যােতি ডেকাই।

G2 1

উল্লেখ্য যে শশাংক জ্যােতি ডেকাই ৩৮নং ৱাৰ্ডৰ পৰা জয়লাভ কৰিছিল।

উল্লেখ্য যে মৃগেন শৰণীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত একেৰাহে তৃতীয় বাৰৰ বাবে কাউন্সিলাৰ পদত জয়লাভ কৰিছে।

ইফালে, উপ-মেয়ৰ হিচাপে অধিষ্ঠিত বিজেপি নেত্ৰী স্মিতা ৰয়ে ২২ নং ৱাৰ্ডৰ পৰা জয়লাভ কৰিছিল।

এই নিৰ্বাচনত বিজেপি আৰু ইয়াৰ সহযোগী অগপই ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৮ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।

আপ আৰু এজেপিয়ে প্ৰত্যেকে এখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *