ঈদৰ সমূহীয়া নামাজত অংশ লৈ বিশ্ব শান্তিৰ কামনা সাংসদ গৌৰৱ গগৈৰ

নিউজ ডেস্ক। আজি পবিত্ৰ ঈদ-উল-ফিতৰ।

যোৱা দুটা বছৰ কোভিডৰ বাবে ঘৰত আৱদ্ধ হৈ থকাৰ পিছত এইবাৰ মছজিদত পুৱা সমূহীয়া নামাজ আদায় কৰিলে মুছলমান লোকসকলে।

বিশ্ব শান্তি আৰু ভাতৃত্ববোধ জীয়াই ৰখাৰ স্বাৰ্থত গোলাঘাটত মুছলমান ধৰ্মাৱলম্বী লোকৰ সৈতে একেলগে নামাজত অংশ লয় সাংসদ গৌৰৱ গগৈয়েও।

মূৰত টুপী পিন্ধি গৌৰৱ গগৈয়ে সকলোকে পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে শান্তি আৰু ভাতৃত্ববোধৰ বাবে প্ৰাৰ্থনা জনায়।

সংবাদ মাধ্যমত আগত মন্তব্য কৰে যে দেশৰ দৰিদ্ৰ শ্ৰেণীৰ মানুহ জটিল সময়ৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে।

তেওঁ কয় যে আমি ঘৰত, পৰিয়াল, সমাজ তথা ৰাজ্যৰ লগতে সমগ্ৰ দেশত শান্তি-সম্প্ৰীতিৰে বসবাস কৰাতাে বিচাৰােঁ। ঈদ উপলক্ষে এয়াই আমাৰ সকলােৰে কামনা।

লগতে চাওকঃ

মুছলমান আজি সংকটৰ মাজত আছেঃ শিৱসাগৰত ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি ক’লে অখিল গগৈয়ে

G4 1
ঈদৰ সমূহীয়া নামাজত অংশ লৈ বিশ্ব শান্তিৰ কামনা সাংসদ গৌৰৱ গগৈৰ 2

Leave a Comment