ড০ হিমন্ত বিশ্ব শৰ্মা বিশ বছৰলৈ অসমৰ মুখ্যমন্ত্ৰী হৈ থকাটো সময়ৰ আহ্বানঃ বিধায়ক পদ্ম হাজৰিকা

নিউজ ডেস্কঃ আগন্তুক ২০ বছৰৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ থকাটো সময়ৰ আহ্বান। -এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।

অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদৰে জনস্বাৰ্থহৈতষী আঁচনি গ্ৰহণ কৰিছে, তথা অপৰাধ আৰু দুৰ্নীতিমুক্ত হিচাপে অসমখনক প্ৰতিষ্ঠা কৰিবলৈ অহৰ্নিশে চেষ্টা চলাই আছে, সেই বাবে তেওঁ আগন্তুক পুনৰ ২০ বছৰলৈ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থকাটো সময়ে বিচাৰে বুলি মন্তব্য কৰে পদ্ম হাজৰিকাই।

গৰুখুঁটিত ১০,৭০০ বিঘা ভূমি আগ্ৰাসনৰ পৰা মুক্ত কৰি কৃষি কৰ্মৰ বাবে মুকলি কৰাটো মুখ্যমন্ত্ৰীৰ বাবে এক বিশেষ কৃতিত্ব বুলি অভিহিত কৰে চতিয়াৰ বিধায়ক তথা গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই।

ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ বিধায়ক হিচাপে প্ৰথম বৰ্ষপুতিৰ অনুষ্ঠানত অংশ লৈ বিধায়ক পদ্ম হাজৰিকাই লগে কয় যে, শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিটো নির্বাচনতে ধাৰাবাহিকভাৱে জয়লাভ কৰি অসমৰ ৰাইজৰ হৃদয়ত থকাটোৱেই প্ৰমাণ কৰিছে যদিও দলীয় কার্যকর্তাসকলে বিশ্বাস আৰু আস্থাৰে আগবাঢ়িলেহে দলটো দীৰ্ঘদিন ধৰি শাসনৰ দায়িত্বত থকাটো সম্ভৱ হ’ব।

padma and himanta
ড০ হিমন্ত বিশ্ব শৰ্মা বিশ বছৰলৈ অসমৰ মুখ্যমন্ত্ৰী হৈ থকাটো সময়ৰ আহ্বানঃ বিধায়ক পদ্ম হাজৰিকা 2

ইফালে প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ এবছৰ সম্পূৰ্ণ কৰা পৰমানন্দ ৰাজবংশীক প্ৰথম বৰ্ষপূতিৰ শুভেচ্ছা জ্ঞাপন কৰে চতিয়াৰ বিধায়কগৰাকীয়ে।

ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ অনুষ্ঠিত বর্ষপূর্তি অনুষ্ঠানত বিধায়ক পৰমানন্দ ৰাজবংশীয়ে সমষ্টিবাসীৰ বাবে যোৱা এবছৰত কৰা কাম-কাজৰ এটা চমু আভাস দাঙি ধৰাৰ লগতে দৰঙী সত্তাৰে ছিপাঝাৰক আগবঢ়াই লৈ যোৱাৰ বাবে কেতবোৰ পৰিকল্পনাৰ কথাও সদৰী কৰে।

বর্ষপূর্তি উপলক্ষে ৫৪টা ভিন্ন কাৰ্যসূচীৰে সমৃদ্ধ ২০২১-২২ বৰ্ষৰ জনকল্যাণৰ খাতিয়ান শীর্ষক পুস্তিকাখন উন্মোচন কৰে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই। এই বৰ্ষপূতি অনুষ্ঠানটোত বিজেপিৰ কেইবাগৰাকীও নেতা-কৰ্মী উপস্থিত থাকে।

Leave a Comment