অৰুণাচল প্ৰদেশ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিনেশ মংগিয়াক

নিউজ ডেস্ক। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ দিনেশ মংগিয়াক অৰুণাচল প্ৰদেশ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি।

G4

তেওঁৰ প্ৰশিক্ষণৰ আধাৰত অৰুণাচল প্ৰদেশ ক্ৰিকেট দলে নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছে।

দিনেশ মংগিয়াই আগন্তুক ঘৰুৱা ছিজনৰ বাবে অৰুণাচল মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিব।

30-Mongiajpg

৪৪ বছৰীয়া নৱ নিযুক্ত প্ৰশিক্ষক গৰাকীয়ে কয়,”মোৰ সন্মুখত নিশ্চিতভাৱে এটা প্ৰত্যাহ্বান থাকিব। যুৱ খেলুৱৈসকল গতানুগতিকভাৱে অলপ পিছ পৰি আছে। সেয়েহে মোৰ অভিজ্ঞতা আৰু জ্ঞানৰ দ্বাৰা মই তেওঁলোকৰ খেল উন্নত কৰাব লাগিব। এবছৰ বা দুবছৰৰ ভিতৰত মই অৰুণাচলক কিছু ভাল ফলাফল দিব পাৰিম। পেছাদাৰী ক্ৰিকেট কি সেয়া তেওঁলোকক বুজাব লাগিব। অৰুণাচলৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত খুব ভাল ক্ৰিকেটৰ আন্তঃগাঁথনি নাই। কিন্তু মই সেইবোৰক অতিক্ৰম কৰি এক যোগাত্মক দৃষ্টিভঙ্গী ৰাখিব লাগিব।”

Leave a Comment