অসম

অবৈধ বালিখননৰ ভয়ংকৰ পৰিণতিঃ দুটাকৈ দুষ্প্ৰাপ্য শিহুৰ মৃত্যু…

ৰাজ্যত অবাধ গতিত চলিছে বনজ সম্পদ ধ্বংস অভিযান।

কামৰূপ জিলাৰ বৃহত্তৰ বকো অঞ্চলতো অব্যাহত আছে বনজ সম্পদ ধ্বংসযজ্ঞ।

কামৰূপ জিলাৰ ছমৰীয়াত অবৈধ বালি খননৰ ভয়ংকৰ পৰিণতি।

দুটাকৈ দুষ্প্ৰাপ্য শিহু মৃত অৱস্থাত উদ্ধাৰ।

বৃহস্পতিবাৰে ছমৰীয়াৰ শালমাৰা মৰাকলহী নদীত একেলগে উদ্ধাৰ হয় মৃত দুস্প্ৰাপ্য শিহু দুটা।

জানিব পৰা মতে পুৱাতে নদীৰ বুকুত উপঙি থকা শিহু দুটা প্ৰত্যক্ষ কৰে স্থানিয় ৰাইজে।

ততালিকে স্থানীয় ৰাইজে নদীৰ পৰা মৃত শিহু দুটা উদ্ধাৰ কৰে।

ৰাইজৰ অভিযোগ ছমৰীয়াৰ পৰা শালমাৰত দিনে নিশাই চলি আহিছে অবৈধ বালি খনন।

বালি তোলা মেচিনৰ কোবতে শিহু দুটাৰ মৃত্যু হোৱা বুলি দাবী কৰিছে ৰাইজে।

দীৰ্ঘদিন ধৰি বন বিভাগক মেনেজ কৰি অসাধু চক্ৰই বালিৰ অবৈধ ব্যৱসায় চলাই আহিছে বুলি ৰাইজে অবিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে মৰাকলহী নদীক শিহুৰ চৰন ভূমি হিচাপে চিহ্নিত কৰি বালা খনন বন্ধৰ নিৰ্দেশ জাৰি কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *