স্ক’ৰ্পিঅ’ বাহনৰ পৰা জব্দ ৫ টা চােৰাং গৰু!

নিউজ ডেস্ক। ৰাজ্যত অপৰাধৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসন যিমানেই কঠোৰ হৈছে, সিমানেই যেন ঠায়ে ঠায়ে বৃদ্ধি পাইছে অপৰাধৰ ঘটনা।

এইবাৰ ৰূপহীহাট আৰক্ষীৰ অভিযানত জব্দ হয় বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা চলোৱা ৫টা গৰু।

G05
স্ক’ৰ্পিঅ’ বাহনৰ পৰা জব্দ ৫ টা চােৰাং গৰু! 3

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিয়মীয়া তহলৰ সময়মত এখন সন্দেহজনক বিলাসী স্কৰপিঅ’ বাহন প্ৰত্যক্ষ কৰি আৰক্ষীয়ে ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি তীব্ৰ বেগেৰে বাহনখন আতৰি যায় সেই স্থানৰ পৰা।

যাৰ বাবে ৰূপহীহাট আৰক্ষী চকীৰ আৰক্ষী উপ পৰিদৰ্শক আফচৰ উদ্দিন আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বাহনখনৰ পিছা কৰি ৰখাই থোৱা অৱস্থাত এএছ ০১বিজে ৮৮০৬ নম্বৰৰ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। ৰূপহীহাট আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বাহনখনৰ ভিতৰত ৫টা গৰু আছিল।

G06
স্ক’ৰ্পিঅ’ বাহনৰ পৰা জব্দ ৫ টা চােৰাং গৰু! 4

ইফালে আৰক্ষী আহি উপস্থিত হোৱাৰ পূৰ্বেই গৰুসহ বাহনখন এৰি পলায়ন কৰিবলৈ সক্ষম হয় বাহনখনৰ চালক-হেণ্ডিমেনে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Leave a Comment