NE

মহানগৰীত নৃশংস ঘটনা, মদ খাবলৈ টকা নিদিয়াৰ বাবেই মদ-পেট্ৰ’ল ঢালি জ্বলাই দিলে এজনক…

গুৱাহাটী মহানগৰীৰ ধীৰেনপাৰাত সংঘটিত হৈছে এক নৃশংস ঘটনা।

মদ খাবলৈ টকা নিদিয়াৰ বাবেই মদ আৰু পেট্ৰ’ল ঢালি জ্বলাই দিলে এজনক।

আমজাদ আলী নামৰ এজন যুৱকৰ গাত অগ্নিসংযোগ কৰিলে উৎপল বড়ো নামৰ এজন লোকে।

জানিব পৰা মতে, আমজাদ আলী নামৰ এজন যুৱকৰ পৰা মদ খাবলৈ পইচা খুলিছিল উৎপল বড়ো ওৰফে ঢেপা নামৰ এজন যুৱকে।

কিন্তু আমজাদে পইচা দিবলৈ অমান্তি হোৱাত বড়োৱে তেওঁক পেট্ৰল ঢালি জ্বলাই দি পলায়ন কৰে।

ইতিমধ্যে আমজাদ আলীক ফটাশিল আৰক্ষীয়ে উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰাইছে।

দিন হাজিৰা কৰি জীৱন অতিবাহিত কৰা আমজাদ সম্প্ৰতি জীৱন মৰণৰ সতে যুজঁ দি আছে হাস্পতালত।

Leave a Reply

Your email address will not be published. Required fields are marked *