পুনৰ এনকাউণ্টাৰ অসম আৰক্ষীৰ।
গোৱালপাৰা আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী অমৰ থাপা।
গোৱালপাৰা জিলাৰ ৰংজুলি বেলপাৰাত মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰা সময়তে আৰক্ষীয়ে গুলীয়াই আহত কৰে অমৰ থাপাক।
জানিব পৰা মতে, দুধৰ্ষ অপৰাধী অমৰ থাপাই কেইজনমান অপৰাধীক লগত লৈ অপহৰণৰ পৰিকল্পনা ৰচিছিল।
গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ ভিত্তিত যোৱা নিশা অভিযান চলাই অপহৰণকাৰী গেংটোৰ তিনিগৰাকী সদস্য ক্ৰমে অমৰ থাপা, সমীৰণ ৰাভা, দ্বীপজ্যোতি ৰাভাক আটক কৰে।
ইয়াৰে অমৰ থাপাই পানী খোৱাৰ চলেৰে পবাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে তেওঁৰ ভৰিলৈ লক্ষ্য কৰি গুলিচালনা কৰে।
আহত অমৰ থাপাক নিশাই গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
অমৰ থাপাৰ পৰা আৰক্ষীয়ে তিনি জাই সজীৱ গুলীসহ এটা 9 এম এম পিষ্টল আৰু ৪০০ নিচা জাতীয় টেবলেট জব্দ কৰিছে।









