নিউজ ডেস্ক। কিংবদন্তি বাংলা গায়িকা সন্ধ্যা মুখাৰ্জী আৰু নাই!
হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা প্ৰখ্যাত কণ্ঠশিল্পী গৰাকীয়ে মঙ্গলবাৰে সন্ধিয়া ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ বিয়োগে দেশৰ সংগীতপ্ৰেমী সকলক শোকস্তব্ধ কৰি তুলিছে।

উল্লেখ্য যে, অসুস্থতাৰ বাবে জানুৱাৰীৰ শেষ সপ্তাহৰ পৰা কলকাতাৰ এছ.এছ.কে.এম. হাস্পতালত চিকিসাধীন হৈ আছিল সন্ধ্যা মুখাৰ্জী। চিকিৎসালয়খনৰ জ্যেষ্ঠ বিষয়াই জনোৱা মতে মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত তেওঁ হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে।

চিকিৎসকে জানিবলৈ দিয়া মতে, প্ৰখ্যাত কণ্ঠশিল্পীগৰাকী হৃদৰোগত আক্ৰান্ত হোৱাৰ উপৰিও আন কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল।
জানুৱাৰীৰ শেষৰ ফালে গায়িকাগৰাকী কোভিড-১৯তো আক্ৰান্ত হৈছিল। শ্বাস-প্ৰশ্বাসৰ অসুবিধাৰ বাবে জানুৱাৰীৰ শেষৰ সপ্তাহত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
Rest in Music 🎶 #sandhyamukherjee 💕 pic.twitter.com/ZV46zZeyRB
— Saayoni Ghosh (@sayani06) February 15, 2022
উল্লেখ্য যে, বংগৰ প্ৰখ্যাত গায়িকাগৰাকীক শেহতীয়াকৈ ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদানৰ ঘোষণা কৰিছিল যদিও সন্ধ্যা মুখাৰ্জীয়ে সেই সন্মান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বাৰ্ধক্য বয়সত তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হোৱা বাবেই সন্মান গ্ৰহণ কৰিবলৈ অমান্তি হয় কণ্ঠশিল্পীগৰাকী।
ইফালে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী চিকিৎসাধীন হোৱাৰ পিছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ চিকিৎসাৰ দায়িত্ব বহন কৰি উন্নত চিকিৎসাৰ বাবে কোনো ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱাৰো পোষকতা কৰিছিল। কিন্তু তাৰ পূৰ্বেই জীৱনৰ পৰা মেলানি মাগে সন্ধ্যা মুখাৰ্জীয়ে।
We had conferred on him our highest state civilian award “Bangabibhushan" and will continue to remember the genius. My sincere condolences.(2/2)
— Mamata Banerjee (@MamataOfficial) February 16, 2022
সন্ধ্যা মুখাৰ্জীয়ে এছ ডি বৰ্মন, নৌশাদ, মদন মোহন, অনিল বিশ্বাস আৰু সলিল চৌধুৰীৰ দৰে আগশাৰীৰ সংগীত পৰিচালকৰ সৈতে কাম কৰি সমগ্ৰ ভাৰততে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
যাৰ বাবে তেওঁ ৰাজ্য চৰকাৰৰ সন্মান বঙা বিভূষণ আৰু শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল।
এগৰাকী ধ্ৰুপদী আৰু অৰ্ধ-শাস্ত্ৰীয় কণ্ঠশিল্পী সন্ধ্যা মুখাৰ্জীয়ে জীৱনৰ শেষ পৰলৈ অসংখ্য বাংলা চলচ্চিত্ৰ আৰু কেইবাখনো হিন্দী চলচ্চিত্ৰৰ বাবে গান গাইছে।









