ক’ভিডৰ নতুন SOP: ক’ভিড প’জিটিভ হোৱা লোকসকলৰ বাবে বিশেষ নিৰ্দেশনা…

পুনৰ প্ৰকাশ পালে ক’ভিডৰ নতুন নিৰ্দেশনা।

অসম চৰকাৰে মঙলবাৰে ক’ভিডৰ বৰ্ধিত সংক্ৰমণক কেন্দ্ৰ কৰি নতুন এছ অ’ পি জাৰি কৰে।

নতুন এছ অ’ পি অনুসৰি, ক’ভিড প’জিটিভ হৈ হস্পিটেল অথবা ক’ভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি হোৱা লোকসকলক ক্ৰমাগত তিনিদিন ধৰি যদি কোনো  বিশেষ লক্ষণ নেদেখুৱাই তেন্তে হস্পিটেলৰ পৰা মুকল কৰি দিব লাগিব।

G12

অৱশ্যে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়াৰ সময়ত আৰএটি অথবা আৰটিপিচিআৰ টেষ্ট বাধ্যতামূল কৰি দিয়া হৈছে।

আনহাতে, লক্ষণ থকা লোকসকলক চিকিৎসকে পৰ্যবেক্ষণ কৰিহে হস্পিটেলৰ পৰা মুকলি কৰি দিব।

ক’ভিড প’জিটিভ হোৱা লোকসকলক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিলেও দুদিন বাধ্যতামূলক হোম কোৱাৰেণ্টাইনত থাকিব লাগিব।

ইপিনে, হোম আইছ’লেশ্যনত থকা লোকসকলেও হোম আইছ’লেশ্যন সমাপ্ত হোৱাৰ পাছত ক’ভিড পৰীক্ষা কৰিব লাগিব।  

লগতে চাওকঃ

বিধায়কগৰাকীৰ ব্যৱহাৰ কঠােৰ হৈছে, মই দুখ পাইছােঁঃ অ’চি পুষ্পকমল বৰুৱা

G7

Leave a Comment