বৰ্ণিহাটত গুৱাহাটী অভিমুখী বাহনত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফােৰক

নিউজ ডেস্ক। অসমৰ প্ৰতিৱেশী ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙত সম্প্ৰতি পৰিস্থিতি অশান্ত জৰ্জৰ হৈ পৰাৰ সময়তে গুৱাহাটী অভিমুখী বাহনত মেঘালয় আৰক্ষীয়ে জব্দ কৰে বিপুল পৰিমাণৰ বিস্ফােৰক সামগ্ৰী।

জানিব পৰা মতে, মেঘালয়ৰ বৰ্ণিহাটত শুকুৰবাৰে ৰিভয় জিলাৰ আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী।

এ এছ-০১ বি ভি-৮০৬৫ নম্বৰৰ এখন মহিন্দ্ৰ কােম্পানীৰ বাহন বৰ্ণিহাট আৰক্ষী থানাৰ সমীপত জব্দ কৰে মেঘালয় আৰক্ষীয়ে।

আৰক্ষীৰ সূত্ৰৰ মতে, বাহনখনৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে।

জয়ন্তীয়া পাহাৰৰ খেলিৰিয়টৰ পৰা অহা গুৱাহাটী অভিমুখী এই বাহনখনৰ পৰা বৃহৎ পৰিমাণৰ ইলেক্ট্ৰিক ডিট’নেটৰ আৰু ৪০২৭ নিঅ’ জিলেটিন ষঅটিক জব্দ কৰিছে।

আৰক্ষীয়ে বাহনখনৰ চালক মইনুল হকৰ বিৰুদ্ধে গােচৰ ৰুজু কৰিছে।

অভিযুক্ত চালক মইনুল হক অসমৰ কাৰমৰূ জিলাৰ নগৰবেৰাৰ বাসিন্দা।

Leave a Comment