ভূমি কেলেংকাৰীৰ অভিযোগত শিলচৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ…

ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত শিলচৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ।

গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীজনৰ নাম ৰাজু সিল বুলি জানিব পৰা গৈছে।

শিলচৰ সদৰ আৰক্ষীৰ এটা দলে শিলচৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত ৰাজু সিলক গ্ৰেপ্তাৰ কৰে।

শিলচৰ ৰেৰেংগা অঞ্চলৰ এজন লোকৰ ১৬ কঠা ভূমিৰ ভূৱা নথি বনাই এটা দালাল চক্ৰই বিক্ৰী কৰি দিয়াৰ পাছতে উক্ত লোকজনে শিলচৰ সদৰ থানাত এটা গোচৰ ৰুজু কৰিছিল।

আৰক্ষীয়ে এই ভূমি কেলেংকাৰী সন্দৰ্ভত তদন্ত আৰম্ভ কৰি ইয়াৰ সৈতে জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰী ৰাজু সিল জড়িত থকাৰ প্ৰমাণ পাই আৰু গ্ৰেপ্তাৰ কৰে।

ইপিনে, ৰাজু সিল গ্ৰেপ্তাৰ হোৱাৰ পাছত এই ভূমি কেলেংকাৰীৰ সৈতে জড়িত আন বহুকেইজন বিষয়া-কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভৱনাই দেখা দিছে।

Leave a Comment