চৰকাৰে জাৰি কৰা কোভিডৰ নতুন এছঅ’পিৰ প্ৰতি সমৰ্থন জনালে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে।
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি চৰকাৰে অতি সূক্ষ্মতাৰে পৰ্যবেক্ষণ কৰি এই এছঅ’পি প্ৰস্তুত কৰা বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।

কোভিড পৰিস্থিতি অনুধাৱন কৰি সকলো সাৱধানতা আমি অৱলম্বন কৰিব লাগিব বুলি মন্তব্য কৰি প্ৰস্তুতি পৰাশৰে কয় যে চৰকাৰ আৰু জনতা সকলোৱে মিলি কাম কৰিলে সোনকালেই পৰিস্থিতি পুনৰ স্বাভাৱিক হব।
আনহাতে চৰকাৰে জাৰি কৰা কোভিড বিধি মানি চলাৰ মাজতে কৃষ্টি-সংস্কৃতিখিনিও জীয়াই ৰাখিব লাগিব বুলি মন্তব্য কৰে পৰাশৰে।
চলিত বৰ্ষত আৱাহন থিয়েটাৰৰ হৈ চুক্তিবদ্ধ হৈ থকা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কয় যে ভ্ৰাম্যমান কৰ্তৃপক্ষই যিদৰে কোভিড বিধি মানি নাটক মঞ্চস্থ কৰি আহিছে, সেইদৰে দৰ্শক সকলেও মানি চলি নাটক উপভোগ কৰাৰ প্ৰয়োজন। বিশেষকৈ দৰ্শকক মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায় অভিনেত্ৰীগৰাকীয়ে।
আনহাতে কোভিডৰ দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়ে প্ৰস্তুতি পৰাশৰে।
তেওঁ কয় যে ভেকচিন গ্ৰহণ কৰিলেহে কোৰোনাক প্ৰতিহত কৰিব পৰা যাব আৰু সকলোৱে কোভিডৰ দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব।
লগতে চাওকঃ মাঘ বিহু পথাৰৰ উৎসৱ, আমি পথাৰতে পাতিমঃ কুমাৰ ভৱেশ









