নিউজ ডেস্কঃ প্ৰতিবাদৰ কথা হয়তো আপুনি বহু শুনিছে। নিজৰ ভিন্ন দাবী উত্থাপন কৰি সময়ে সময়ে বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে প্ৰতিবাদ আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।
কিন্তু এইবাৰ স্কুল বন্ধত বিদ্যালয়ে কৰিব দিয়া হোমৱৰ্কৰ বিৰুদ্ধে প্ৰতিবাদত বহিল নৱম শ্ৰেণীৰ এজন ছাত্ৰ। এই প্ৰতিবাদক ছাত্ৰজনক সহযোগ আগবঢ়ালে মাতৃয়েও।
ৰাজস্থানৰ ঝুনঝুনু কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ১৪ বছৰীয়া ছাত্ৰ প্ৰাঞ্জলে বন্ধৰ সময়ত কৰিবলৈ দিয়া হোমৱৰ্কৰ বিৰুদ্ধে দেওবাৰে পুৱা ১০ বজাৰ পৰা দুপৰীয়া বজালৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
কালেক্টৰেটৰ সন্মুখত ৰূপায়ণ কৰা এই ধৰ্ণা কাৰ্যসূচীত কিশোৰ ছাত্ৰজনক সমৰ্থন জনাই উপস্থিত থাকে মাতৃও।
প্ৰাঞ্জলে কয় যে সুস্থ জীৱনৰ বাবে ছুটী প্ৰয়োজনীয়। ছুটীৰ ফলত শাৰীৰিক, মানসিক স্বাস্থ্যৰ বিকাশ ঘটে।
শিশুৰ বাবে অৱসৰৰ মুহূৰ্ত অতি প্ৰয়োজনীয় যাতে শিশুৱে খেলিব পাৰে। কিন্তু বন্ধৰ দিনতো যদি হোমৱৰ্ক কৰিবলগীয়া হয়, তেন্তে গোটেই বছৰটোত শিশুৰ বাবে ছুটী নাথাকে।
প্ৰাঞ্জলৰ মতে, স্কুল বন্ধৰ সময়ত হোমৱৰ্ক কৰিবলৈ দিয়াটো এটা কু-অভ্যাস, ই শৈশৱৰ ওপৰত কলংক।
ইফালে প্ৰাঞ্জলৰ মাতৃ অনামিকাই যে এই প্ৰতিবাদত তেওঁ প্ৰাঞ্জলক সমৰ্থন জনাইছে। প্ৰাঞ্জলে পূৰ্বেও চিঠি লিখি বন্ধৰ দিনত হোমৱৰ্ক দিয়াৰ বিৰোধিতা কৰি আহিছিল।
উল্লেখ্য যে, প্ৰাঞ্জলৰ মাতৃ অনামিকা খাদ্য বিভাগৰ এগৰাকী পৰিদৰ্শক হোৱাৰ বিপৰীতে পিতৃ কৈলাশ কুমাৰ সমবায়ৰ পৰিদৰ্শক হিচাপে কৰ্মৰত।
প্ৰাঞ্জলৰ মাতৃয়ে কয় যে আগতে যেনেকৈ এটা বেয়া প্ৰথা আছিল যে ল’ৰা-ছোৱালীয়ে মাৰ খালে ভালকৈ পঢ়ে, তাৰ পিছত এতিয়া এই বিষয়ত আইন আহি পৰিছে। একেদৰে এইটোও এটা বেয়া প্ৰথা, য’ত বন্ধৰ দিনত ল’ৰা-ছোৱালীক হোমৱৰ্ক দিয়া হয়।
যেনেকৈ প্ৰাপ্তবয়স্কসকলক বন্ধৰ প্ৰয়োজন হয়, একেদৰে শিশুসকলকো বন্ধৰ প্ৰয়োজন হয় বুলি মন্তব্য কৰে অনামিকাই।
নিজৰ মতামত ৰাখি প্ৰাঞ্জলে কয় যে শিক্ষানুষ্ঠানৰ সৈতে জড়িত লোকসকলৰ নেতিবাচক মতাদৰ্শ আছে।
ছুটী হওক বা স্কুলৰ সময়েই হওক, তেওঁলোকে কেৱল শিশুটিক পঢ়া-শুনা কৰা চাব বিচাৰে। অভিভাৱকসকলেও একেই বিচাৰে, যাৰ বাবে শিশুৱে ছুটী ভালদৰে উপভোগ কৰিব নোৱাৰে।
এনে কাৰণতে মানসিক চাপ বৃদ্ধি হৈ ছাত্ৰ-ছাত্ৰীৰ মনত আত্মহত্যাৰ প্ৰৱণতাও জাগি উঠে বুলি মন্তব্য কৰে প্ৰাঞ্জলে।