মৰ্মান্তিক! তীব্ৰবেগী ডাম্পাৰ আৰু বলেৰ’ৰ ভয়ংকৰ সংঘৰ্ষত মৃত্যু মহিলাসহ একেটা পৰিয়ালৰ ৩ সদস্যৰ…

নিউজ ডেস্কঃ ধলা-শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেঁতুৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।

বলেৰ’ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৩ জন লোক।

ড০ ভূপেন হাজৰিকা সেঁতুৰ সমীপৰ বোকাপথাৰত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।

দুৰ্ঘটনাত নিহত সকলৰ ভিতৰত আছে এগৰাকী মহিলাও।

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বলেৰ’খনত আছিল মুঠ ৫ জন যাত্ৰী।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন যাত্ৰী।

আহত দুজনক স্থানীয় লোক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে অসম চিকিৎসা মহাবিদ্যালয়লৈ।

দুৰ্ঘটনাত নিহত তিনিওগৰাকী একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে।