অসমীয়াৰাষ্ট্ৰীয়

প্ৰেৰণাদায়ক! UPSCৰ বাবে চলোৱা প্ৰস্তুতি আধাতে সামৰি এদিন চাহৰ দোকান খুলিছিল এইজন যুৱকে, আজি বছৰি বিক্ৰী কৰে ১৫০ কোটি টকাৰ চাহ…

নিউজ ডেস্কঃ লক্ষ্য স্থিৰ হ’লে, সফলতা অসম্ভৱ নহয়। ইয়াৰেই যেন জলন্ত উদাৰণ এজন ২৮ বৰ্ষীয় যুৱক।

মাত্ৰ ২৩ বছৰ বয়সতে ইউপিএছচি পৰীক্ষাৰ বাবে চলাই থকা প্ৰস্তুতি আধাতে সামৰি চাহ বিকিবলৈ আৰম্ভ কৰিছিল যুৱকজনে।

ব্যৱসায়ী পিতৃয়ে পুত্ৰৰ এই কাৰ্যত মুঠেও সুখী হোৱা নাছিল। আপত্তি দৰ্শাইছিল পৰিয়ালৰ বাকীবোৰ সদস্যও।

কিন্তু চাহৰ ব্যৱসায় কৰিবলৈকে বদ্ধপৰিকৰ হৈ থকা যুৱকজনে বিচলিত হোৱা নাছিল লক্ষ্যৰ পৰা।

image 49

বন্ধুৰ সৈতে আৰম্ভ কৰা এই সৰু ব্যৱসায়খনেই লাহে লাহে ডাঙৰ হৈ পৰিছিল। যাৰ পৰিণামস্বৰূপে আজি বছৰি ১৫০ কোটি টকাৰ চাহ বিক্ৰী কৰি এগৰাকী সফল ব্যৱসায়ী হিচাপে পৰিচিত হৈ পৰিছে যুৱকজন।

আন বহু যুৱক-যুৱতীৰ বাবেও প্ৰেৰণা এই যুৱকজনেই হৈছে অনুভৱ ডুবে।

মধ্যপ্ৰদেশৰ ইন্দোৰৰ নিৱাসী অনুভৱ ডুবেৰ পিতৃৰ আছিল কাপোৰৰ ব্যৱসায়ী। ব্যৱসায়ীৰ ঘাত-প্ৰতিঘাত সকলো ওচৰৰ পৰা দেখি পিতৃয়ে নিজৰ পুত্ৰকো ব্যৱসায়ৰ সৈতে জড়িত কৰাব বিচৰা নাছিল।

image 50

পিতৃ আৰু পৰিয়ালৰ আন সদস্যই বিচাৰিছিল- অনুভৱ হওক এগৰাকী প্ৰশাসনিক বিষয়া।

পৰিয়ালৰ এই ইচ্ছাৰ বাবে অনুভৱে ইউপিএছচিৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰিছিল। কিন্তু ব্যৱসায়ৰ প্ৰতি অধিক আগ্ৰহী অনুভৱৰ মন বাৰে বাৰে অধ্যয়নৰ পৰা বিচলিত হৈ পৰিছিল।

ইয়াৰ পৰিণাম স্বৰূপেই পৰিয়ালৰ দাবীক আওকান কৰি অৱশেষত অনুভৱ ডুবেয়ে বন্ধু আনন্দ নায়কৰ সৈতে আৰম্ভ কৰে ‘চাই চুট্টা বাৰ’ নামেৰে এক চাহৰ বিপণী।

image 51

ভাৰতত চাহৰ জনপ্ৰিয়তালৈ লক্ষ্য কৰি দুয়ো বন্ধুৰ ৩ লাখ টকা মূলধনেৰে ভানৱাৰকুৱানৰ ছোৱালী হোষ্টেলৰ সন্মুখত আনন্দ আৰু অনুভৱে আৰম্ভ কৰে চাহৰ বিপণীখন।

প্ৰথমাৱস্থাত একেবাৰে চলা নাছিল দুই যুৱকৰ এই চাহৰ ব্যৱসায়।

তেওঁলোকে চাহৰ বিপণী আৰম্ভ কৰা অঞ্চলটোত কেইবাটাও প্ৰশিক্ষণ কেন্দ্ৰ আৰু জনসমাগম অধিক হোৱা স্বত্বেও গ্ৰাহকৰ অভাৱত প্ৰথম কিছুদিন এনেয়েই বহি থাকিবলগীয়া হৈছিল আনন্দ আৰু অনুভৱ।

image 52

সেই সময়তে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহে আন কেইবাজনো বন্ধু।

গ্ৰাহকক দোকানলৈ আকৃষ্ট কৰিবলৈ তেওঁলোকৰ বিপণীৰ সময়ত ভুৱা জনসমাগম সৃষ্টিৰ ব্যৱস্থা কৰে বন্ধুবৰ্গই। সমান্তৰালভাৱে প্ৰথমাৱস্থাত তেওঁলোকে বিনা পইচাত চাহ যাঁচিবলৈ আৰম্ভ কৰে।

image 53

ফলশ্ৰুতিত ভিৰ দেখি লাহে লাহে তেওঁলোকৰ বিপণীলৈ গ্ৰাহকৰ আগমণ ঘটিবলৈ আৰম্ভ কৰে। আৰু সেইদৰেই আৰম্ভ কৰা ‘চাই চুট্টা বাৰ’ আজি গোটেই অঞ্চলটোৰ জনপ্ৰিয় চাহৰ বিপণী হিচাপে পৰিচিত হৈ পৰিছে।

অনুভৱ ডুবেয়ে প্ৰকাশ কৰা মতে, বৰ্তমান সময়ত তেওঁলোকে ডেৰশ কোটিৰো অধিক টকাৰ বছৰি চাহ বিক্ৰী কৰে। ইতিমধ্যে কেইবাটাও স্থানত তেওঁলোকে আউটলেট স্থাপন কৰিছে।