অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! নৱবৰ্ষৰ প্ৰথম দিনটোতে ফুৰিবলৈ গৈ অকাল মৃত্যু ৪ বন্ধুৰ, আহত এজন

সবিশেষ লিংকত

নৱবৰ্ষৰ পহিলা দিনটোতে শোকৰ বন্যা নামিল হৰিদ্বাৰত। নতুন বছৰৰ পহিলা জানুৱাৰীৰ নিশাই হৰিদ্বাৰৰ বেহাদৰাবাদ থানাৰ শনি দেৱ মন্দিৰৰ সমীপত সংঘটিত এক পথ দুৰ্ঘটনাত একেলগে মৃত্যু ঘটে চাৰি বন্ধুৰ। হাৰিয়ানাৰ পৰা আহি থকা এখন গাড়ীয়ে ঘাইপথৰ দাঁতিত ৰখাই খোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত মৃত্যু ঘটে চাৰিজন যুৱকৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন যুৱকক উন্নত চিকিৎসাৰ বাবে আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

লাভ কৰা তথ্য অনুসৰি বুধবাৰে নিশা হাৰিয়ানাৰ পৰা পাঁচ বন্ধুৱে হৰিদ্বাৰলৈ গৈ আছিল। সেই সময়ত অসাৱধানতাৰ বাবে তেওঁলোকৰ গাড়ীখন পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। এই দুৰ্ঘটনাৰ ফলত গাড়ীখনত বহি থকা কীৰ সিং (৩৫), আদিত্য (৩৮), আৰু মনীষ (৩৬) নামৰ তিনি যুৱকৰ থিতাতে মৃত্যু ঘটে। আহতসকলৰ ভিতৰত প্ৰকাশ (৪০) নামৰ আন এজন যুৱকক চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসকে মৃত ঘোষণা কৰে।

ইফালে, গুৰুতৰভাৱে আহত মহিপাল (৪০)ক চিকিৎসাৰ বাবে উন্নত কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষী থানাৰ মুৰব্বী নৰেশ ৰাথোৰে অধিক জানিবলৈ দি কয় যে দুৰ্ঘটনাত পতিত আটাইকেইজন যুৱকেই হাৰিয়ানাৰ ৰেৱাৰী জিলাৰ নিৱাসী আছিল। জানুৱাৰীৰ প্ৰথম দিনটোতে সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *