ৰে’লৱে ষ্টেচনৰ টেক্সি ষ্টেণ্ডৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী! সন্ত্ৰাসবাদীৰ ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল জম্মু-কাশ্মীৰ

নিউজ ডেস্কঃ আৰক্ষীৰ এক সফল অভিযানে সন্ত্ৰাসবাদীৰ ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পেলালে জম্মু-কাশ্মীৰক।

বৃহস্পতিবাৰে জম্মু ৰে’লৱে ষ্টেচনৰ টেক্সি ষ্টেণ্ডত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী।

দুটা বাকচৰ ভিতৰত ভৰাই অনা ১৮ টা ডিটনেটৰ আৰক্ষীয়ে অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইফালে ডিটনেটৰৰ উপৰিও বাকচ দুটাৰ পৰা কিছু তাঁৰ উদ্ধাৰ কৰা হৈছে।

image 218
ৰে’লৱে ষ্টেচনৰ টেক্সি ষ্টেণ্ডৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী! সন্ত্ৰাসবাদীৰ ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল জম্মু-কাশ্মীৰ 2

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে, ৰে’লৱে ষ্টেচনৰ টেক্সি ষ্টেণ্ডৰ সমীপত এটা সন্দেহজনক বেগ প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষীয়ে সেই বেগটো পৰীক্ষা কৰাত বৃহৎ পৰিমাণৰ বিস্ফোৰকখিনি উদ্ধাৰ হয়।

উল্লেখ্য যে, শেহতীয়াকৈ জম্মু-কাশ্মীৰত একাধিক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

সন্ত্ৰাসবাদীৰ কূটাঘাতৰ মাজতে এই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।