শ্বেৰমানৰ ধৃষ্টতা! নেলছন মেণ্ডেলাৰ সৈতে তুলনা মিঞা মিউজিয়াম স্থাপন কৰি গ্ৰেপ্তাৰ হোৱা মহৰ আলীক, এই সকীয়নী দিলে মন্ত্ৰী পীযুষ হাজৰিকাই…

নিউজ ডেস্কঃ ধৃষ্টতাৰ সীমা চেৰাইছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে।

মিঞা মিউজিয়াম স্থাপন কৰি গ্ৰেপ্তাৰ হোৱা মহৰ আলী, আব্দুল বাতেনক নেলছন মেণ্ডেলাৰ সৈতে তুলনা কৰি এইবাৰ বিতৰ্কৰ সূত্ৰপাত ঘটালে বিধায়কজনে।

ৰাজ্যজুৰি মিঞা মিউজিয়ামক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে মিঞা মিউজিয়ামৰ সমৰ্থনত ওলাই আহিল শ্বেৰমান আলী।

গোৱালপাৰাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত মিঞা মিউজিয়াম স্থাপন কৰি গ্ৰেপ্তাৰ হোৱা আব্দুল বাতেন, মহৰ আলীৰ নামত ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব বুলিও মন্তব্য কৰে শ্বেৰমান আলীয়ে।

বিতৰ্কিত বিধায়কজনৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে বিভিন্ন সচেতন লোকৰ লগতে নেতা-মন্ত্ৰী।

ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাইও কেমেৰাৰ সন্মুখত সকীয়নি প্ৰদান কৰে শ্বেৰমান আলীক।

নেলছন মেণ্ডেলাৰ দৰে ব্যক্তিৰ সৈতে মহৰ আলীৰ দৰে অভিযুক্তৰ তুলনা নকৰিবলৈও শ্বেৰমান আলীক সকীয়াই দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই।

ইফালে শাসকীয় দলৰ বিধায়ক দিগন্ত কলিতাইও শ্বেৰমান আলীক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি তেওঁৰ মূৰৰ বিকৃতি ঘটা বুলি মন্তব্য কৰে।

শ্বেৰমান আলীক শীঘ্ৰে তেজপুৰলৈ নি ভালদৰে চিকিৎসা কৰিব লাগে বুলিও কটাক্ষ কৰে দিগন্ত কলিতাই।