মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য! সমাজবাদী পাৰ্টীৰ নেতা আজম খানক ৩ বছৰ কাৰাদণ্ড আদালতৰ…

নিউজ ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে সমাজবাদী পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী আজম খানক।

বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ ৰামপুৰ আদালতে এই গোচৰৰ ৰায় প্ৰদান কৰি আজম খান আৰু আন দুজন অভিযুক্তক ৩ বছৰৰ কাৰাদণ্ডৰ লগতে ২ হাজাৰ টকা জৰিমণা বিহে।

image 216
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য! সমাজবাদী পাৰ্টীৰ নেতা আজম খানক ৩ বছৰ কাৰাদণ্ড আদালতৰ… 3

উল্লেখ্য যে, ২০১৯ চনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ খানৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ গোচৰ ৰুজু কৰা হৈছিল।

image 217
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য! সমাজবাদী পাৰ্টীৰ নেতা আজম খানক ৩ বছৰ কাৰাদণ্ড আদালতৰ… 4

উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ পিছতে চলিত বৰ্ষৰ আৰম্ভণিতে মুকলি কৰি দিয়া হৈছিল আজম খানক।

প্ৰণিধানযোগ্য যে, উত্তৰ প্ৰদেশৰ এইগৰাকী প্ৰাক্তন মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতি আৰু চুৰিকে ধৰি ৯০টা গোচৰ ৰুজু হৈ আছে।